ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত তিনিজন

Dec 01, 2025 | 2:51 PM

এই দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে কোনো বাহনৰ সৈতে যুৱককেইজনে উঠি যোৱা বাইকৰ সংঘৰ্ষ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। সম্প্ৰতি স্থানীয় ৰূপহীহাট আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

যোৱা নিশা নগাঁৱত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। এক বাইক দুৰ্ঘটনাত শোকাৱহভাৱে মৃত্যু ঘটে ৩ জন যুৱকৰ। নিহত তিনিওজন যুৱকক ইতিমধ্যে চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা তিনিও যুৱক ক্ৰমে ৰাজদুল, মেহেদী আলম আৰু ছাকিল আহমেদ নগাঁৱৰে কাঞ্চনপুৰ গাঁৱৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। বাইকেৰে নগাঁৱৰ ৰূপহীৰ পৰা বালিগাঁও অভিমুখে যাত্ৰা কৰাৰ সময়তে ৰূপহীহাটত এই পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত আটাইকেইজন যুৱক থিতাতে নিহত হয়।

এই দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে কোনো বাহনৰ সৈতে যুৱককেইজনে উঠি যোৱা বাইকৰ সংঘৰ্ষ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। সম্প্ৰতি স্থানীয় ৰূপহীহাট আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তিনিগৰাকীকৈ যুৱকৰ মৃত্যুৱে সম্প্ৰতি শোকৰ ছাঁ পেলাইছে কাঞ্চনপুৰত।