বাবা ভাংগাৰ ভৱিষ্যদ্বাণীৰ দৰে আগষ্টত ঘটিব পাৰে নেকি কোনো অঘটন!

Aug 08, 2025 | 12:16 AM

বিশ্ববাসীৰ মাজত এতিয়া বাবা ভাংগাৰ ‘ডাবল ফায়াৰ’ ভৱিষ্যদ্বাণীক লৈ যথেষ্ট চৰ্চা পৰিলক্ষিত হৈছে। পিছে বাবা ভাংগাৰ এই আশ্চৰ্যকৰ ডাবল ফায়াৰ ভৱিষ্যদ্বাণীনো কি, চাওঁ আহক এই বিষয়ে।

সমগ্ৰ বিশ্বতে এক চিনাকি নাম বাবা ভাংগা। ১৯১১ চনত জন্মগ্ৰহণ কৰা বুলগেৰিয়াৰ এই বিখ্যাত ভাববাদী ব্যক্তিগৰাকীয়ে মৃত্যুৰ পূৰ্বে বহু ভৱিষ্যদ্বাণী কৰিছিল। বাবা ভাংগাই ৫০৭৯ চনলৈকে ভৱিষ্যদ্বাণী কৰি গৈছে বুলি জানিব পৰা যায়। লক্ষণীয়ভাৱে ছোভিয়েট ইউনিয়নৰ পতনৰ পৰা আৰম্ভ কৰি ৯/১১ৰ আক্ৰমণলৈকে তেওঁৰ বহু ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত হৈছে। এই বাবা ভাংগাই ২০২৫ চনৰ বিষয়ে এক আশ্চৰ্যকৰ ভৱিষ্যদ্বাণী কৰিছিল।

তেওঁৰ এই ভৱিষ্যদ্বাণীয়ে এতিয়া বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে। বিশ্ববাসীৰ মাজত এতিয়া বাবা ভাংগাৰ ‘ডাবল ফায়াৰ’ ভৱিষ্যদ্বাণীক লৈ যথেষ্ট চৰ্চা পৰিলক্ষিত হৈছে। তেওঁৰ এই ভৱিষ্যদ্বাণী সন্দৰ্ভত এতিয়া সকলোৰে মনত এক বিশেষ প্ৰশ্নৰ উদ্ৰেক হৈছে, সঁচাকৈয়ে চলিত আগষ্ট মাহত বিশ্বত কোনো ভয়ানক ঘটনা সংঘটিত হ’ব নেকি?

পিছে বাবা ভাংগাৰ এই আশ্চৰ্যকৰ ডাবল ফায়াৰ ভৱিষ্যদ্বাণীনো কি, চাওঁ আহক এই বিষয়ে…