তুষাৰ শুভ্ৰ কাশ্মীৰত কূটাঘাতৰ ভয়ংকৰ পৰিকল্পনা পাক সন্ত্ৰাসবাদীৰ

Dec 29, 2025 | 7:00 PM

চোৰাংচোৱা সূত্ৰৰ মতে, জম্মুৰ কিষ্টৱাৰ আৰু ডোডোৰ ওখ আৰু মজলীয়া পাহাৰীয়া অঞ্চলত আত্মগোপন কৰিছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে। সাধাৰণ মানুহ এই অঞ্চলবোৰলৈ বেছিকৈ নাযায়। গতিকে তাৰ পৰাই সন্ত্ৰাসবাদী অভিযান সফল কৰাৰ পৰিকল্পনা কৰিছে এই গোটে। অৱশ্যে পাহাৰৰ পৰা নামিব পৰা নাই।

অপাৰেশ্যন সেন্দূৰ, তচনচ হৈছিল লস্কৰ-ই-তৈবা আৰু জইছ-ই-মহম্মদৰ ইটোৰ পিছত সিটো ঘাটি। ধাৰণা কৰা হৈছিল যে এই আক্ৰমণ কেতিয়াও পাহৰি নাযায় পাক সন্ত্ৰাসবাদীয়ে। কিন্তু তাৰ পাছতেই দিল্লী বিস্ফোৰণে সলনি কৰিলে ছবিখন। শ্ৰীনগৰত যে অতি সংগোপনে পুনৰ সন্ত্ৰাসৰ বীজ ৰোপন কৰা হৈছে, সেয়া পৰিস্কাৰ হৈ পৰিল স্ফটিকৰ দৰেই।

ইতিমধ্যে দেশৰ আভ্যন্তৰীণ চোৰাংচোৱা বিভাগে সকীয়াই দিছে দেশৰ সেনা প্ৰধানসকলক। তেওঁলোকে আশংকা কৰিছে যে শীতকালত এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা হৈছে জম্মু-কাশ্মীৰত। এই পৰিকল্পনা সফল কৰাৰ উদ্দেশ্যে সক্ৰিয়ভাৱে কাম কৰি আছে ৩০ টা পাকিস্তানী সন্ত্ৰাসবাদীয়ে। ইয়াক প্ৰতিৰোধৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান আৰম্ভ কৰিছে ভাৰতীয় সেনাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি এই অভিযান আৰম্ভ হোৱাৰ লগে লগে তীব্ৰ চাপ বৃদ্ধি পাইছে পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰত। যেন এটা কোণলৈ ঠেলি লৈ যোৱা হৈছে পাক সন্ত্ৰাসবাদীৰ গোটক।

চোৰাংচোৱা সূত্ৰৰ মতে, জম্মুৰ কিষ্টৱাৰ আৰু ডোডোৰ ওখ আৰু মজলীয়া পাহাৰীয়া অঞ্চলত আত্মগোপন কৰিছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে। সাধাৰণ মানুহ এই অঞ্চলবোৰলৈ বেছিকৈ নাযায়। গতিকে তাৰ পৰাই সন্ত্ৰাসবাদী অভিযান সফল কৰাৰ পৰিকল্পনা কৰিছে এই গোটে। অৱশ্যে পাহাৰৰ পৰা নামিব পৰা নাই। কাৰণ, উপত্যকাত অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ আছে ভাৰতীয় সেনা।