গোলাঘাট খুমটাইত ক্ৰমাৎ শোচনীয় বান পৰিস্থিতি, উদ্ধাৰ কাৰ্যত তৎপৰ বিধায়ক মৃণাল শইকীয়া

Sep 16, 2025 | 5:49 PM

বন্যাৰ্তৰ নাজল নাথল অৱস্থা । তেনে সময়তে বান বিধ্বস্ত ৰাইজৰ মাজত ত্ৰাণকৰ্তাৰূপে থিয় দিছে সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়া ।

গোলাঘাট খুমটাইত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ভদীয়া বানে । কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণ আৰু নেপক’ ই কেইবাখনো চুইচ গেট খুলি দিয়াৰ ফলত ফেনেফুটুকাৰে ওফন্দি পৰিছে ধনিশিৰি নদীৰ বুকু । বন্যাৰ্তৰ নাজল নাথল অৱস্থা । তেনে সময়তে বান বিধ্বস্ত ৰাইজৰ মাজত ত্ৰাণকৰ্তাৰূপে থিয় দিছে সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়া । বিধায়ক গৰাকীয়ে শইকীয়াই বানপানীৰ মাজৰ পৰা এগৰাকী বয়োজ্যেষ্ঠ আইমাতৃক উদ্ধাৰ কৰে। ইয়াৰোপৰি বিধায়ক গৰাকীয়ে নিজা প্ৰচেষ্টাৰে বান পীড়িত ৰাইজক খাদ্য যোগান ধৰাৰ লগতে উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে।