জনজাতি বেল্টৰ ভূমি বেদখল সন্দৰ্ভত প্ৰক্ৰিয়া মন্ত্ৰী অশোক সিংঘলৰ…

Nov 06, 2025 | 4:14 PM

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক প্ৰত্যাহ্বান জনালে মন্ত্ৰী অশোক সিংঘলে। তেওঁ কয় যে, দেৱব্ৰত শইকীয়াই উত্থাপন কৰা অভিযোগ প্ৰমাণ কৰিব পাৰিলে তেওঁ ৰাজনীতিৰ পৰা বিদায় ল'ব।

জনজাতি বেল্টৰ ভূমি বেদখল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী অশোক সিংঘলৰ। এক জনসভা সম্বোধন কৰি তেওঁ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক প্ৰত্যাহ্বান জনায়। তেওঁ কয় যে, দেৱব্ৰত শইকীয়াই উত্থাপন কৰা অভিযোগ ২৪ ঘন্টাৰ ভিতৰত প্ৰমাণ কৰি দিব পাৰিলে ৰাজনীতিৰ পৰা বিদায় ল’ব সিংঘলে।

সিংঘলে কয়, মই আজি খবৰ লাভ কৰিছো যে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই মোৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰিছে। তেওঁ কৈছে মোৰ জনজাতি বেল্টত মাটি আছে। যদি শইকীয়াই এয়া প্ৰমাণ কৰিব পাৰে যে মোৰ আৰু মোৰ পৰিয়ালৰ কোনোবাৰ এনে ভূমি আছে তেন্তে মই অসম ত্যাগ কৰি হিমালয়লৈ গৈ সন্যাস ল’ব।

সিংঘলে আৰু কয়, ২৪ ঘন্টাৰ ভিতৰত শইকীয়াই প্ৰমাণ কৰি দিয়ক মই জনজাতি বেল্টৰ এক ইঞ্চি মাটিও দখল বা বেদখল কৰিছো। মই আজিয়েই ৰাজনীতি ত্যাগ কৰিম। কিন্তু যদি প্ৰমাণ কৰিব নোৱাৰে তেন্তে দেৱব্ৰত শইকীয়া ক্ষমা খুজিব লাগিব।