প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত হ’ব বাগৰুম্বা নৃত্য প্ৰদৰ্শন
শিল্পী দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই মেগা অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই কাৰ্যসূচীৰ বাবে ২৩ খন জিলাৰ পৰা শিল্পীসকলক নিৰ্বাচন কৰা হৈছে।
মেগা বিহু আৰু ঝুমুৰৰ সফলতাৰ পাছত অহা ১৭ জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব বডো জনগোষ্ঠীৰ গৌৰৱময় বাগৰুম্বা নৃত্য। শিল্পী দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই মেগা অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই কাৰ্যসূচীৰ বাবে ২৩ খন জিলাৰ পৰা শিল্পীসকলক নিৰ্বাচন কৰা হৈছে। ৪ জানুৱাৰীৰ পৰা মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ আৰম্ভ হ’ব আৰু ১১ জানুৱাৰীত সকলো শিল্পী গুৱাহাটীত উপস্থিত হ’ব। ১২ ৰ পৰা ১৫ জানুৱাৰীলৈ চলিব চূড়ান্ত অনুশীলন।
বডো সংস্কৃতিৰ এই বিশাল উপস্থাপনে অসমৰ জনজাতীয় পৰম্পৰাক বিশ্ব দৰবাৰত এক নতুন পৰিচয় দিয়াৰ লগতে সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। সবিশেষ চাওক ভিডিঅ’ত…
