মানৱ শৰীৰৰ গোপন তথ্য উদ্ভাৱন, ৩ বিজ্ঞানীলৈ ন’বেল বঁটা…
এইবাৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা প্ৰদান কৰা হৈছে মেৰী ই ব্ৰুংকো, ফ্ৰেড ৰেমছডেল, আৰু শ্বিমল ছাকাগুচিক। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই আমাৰ শৰীৰক বিভিন্ন ভাইৰাছ, বেক্টেৰিয়া, বীজাণুৰ পৰা ৰক্ষা কৰে। এই বিষয়ে গৱেষণা কৰি থাকোঁতে তিনিজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে যে ইয়াৰ আঁৰত এটা বিশেষ ধৰণৰ ইমিউন চেল আছে।
মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে। আমি যেনেকৈ অসুস্থ শৰীৰক সুস্থ কৰিবলৈ ঔষধ সেৱন কৰোঁ, তেনেদৰে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰক সুস্থ কৰি ৰাখিবলৈ যুঁজ দিয়ে। যদি ৰোগ প্ৰতিৰোধ ক্ষমতাই আমাৰ নিজৰ শৰীৰৰ বিভিন্ন অংগক আক্ৰমণ কৰে তেন্তে কি হ’ব? তেতিয়া আমাৰ শৰীৰে ৰোগ প্ৰতিৰোধ ক্ষমতাক কেনেকৈ নিয়ন্ত্ৰণত ৰাখে? সেই গোপনীয়তা আৱিষ্কাৰ কৰাৰ বাবে এইবাৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছে তিনিগৰাকী বিজ্ঞানীয়ে।
এইবাৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা প্ৰদান কৰা হৈছে মেৰী ই ব্ৰুংকো, ফ্ৰেড ৰেমছডেল, আৰু শ্বিমল ছাকাগুচিক। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই আমাৰ শৰীৰক বিভিন্ন ভাইৰাছ, বেক্টেৰিয়া, বীজাণুৰ পৰা ৰক্ষা কৰে। এই বিষয়ে গৱেষণা কৰি থাকোঁতে তিনিজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে যে ইয়াৰ আঁৰত এটা বিশেষ ধৰণৰ ইমিউন চেল আছে। যিটো হৈছে নিয়ন্ত্ৰণকাৰী টি কোষ। এই কোষবোৰে শৰীৰৰ ‘অটোইম্যুন’ ৰোগ প্ৰতিৰোধ কৰে।