Majuli, Independence Day: মাজুলীত লুইতৰ বলুকাত মুখা শিল্পীয়ে উদযাপন কৰিলে স্বাধীনতা দিৱস

| Aug 15, 2025 | 3:25 PM

এই দিনটোৰ লগত সংগতি ৰাখি মাজুলীৰ লুইতৰ পাৰৰ বলুকাত মুখা শিল্পীয়ে উদযাপন কৰিলে দেশৰ স্বাধীনতা দিৱস। ইয়াৰ জৰিয়তে তেওঁলোকে সমগ্ৰ দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছাজনাইছে। 

আজি স্বাধীনতা দিৱস। ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। এই ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদ্‌যাপন কৰা হয়।

এই দিনটোৰ লগত সংগতি ৰাখি মাজুলীৰ লুইতৰ পাৰৰ বলুকাত মুখা শিল্পীয়ে উদযাপন কৰিলে দেশৰ স্বাধীনতা দিৱস। ইয়াৰ জৰিয়তে তেওঁলোকে সমগ্ৰ দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছাজনাইছে।

বিশ্ব বিখ্যাত চামগুৰি সত্ৰৰ সংগীত কলা কেন্দ্রৰ মুখা শিল্পীসকলে এইবাৰ ব্যতিক্ৰম ৰূপত পালন কৰিলে ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই মুখা শিল্পীসকলে সামাজিক দায়বদ্ধতাৰ পৰিচয় দি ৰাজ্যজুৰি মৰম বুটলিবলৈ সক্ষম হৈছে।
গুৰুজনাৰ সৃষ্টিৰাজিৰ এক অপূৰ্ব নিদৰ্শন হল মুখা শিল্প। পোন্ধৰ শতিকাতে মুখাই বিশেষভাৱে ভাওনাৰ অভিনয়ত স্থান পাইছিল।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…