ব্যাহত হ’ব LPG চিলিণ্ডাৰৰ যোগান! বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে গ্ৰাহক

Apr 22, 2025 | 7:53 PM

মে’ মাহৰ পৰা এলপিজি চিলিণ্ডাৰ পোৱাত সমস্যা হ’ব পাৰে গ্ৰাহকসকলৰ বাবে। লগতে বৃদ্ধি পাব পাৰে চিলিণ্ডাৰৰ খৰচো। ইয়াৰ আঁৰত আছে এলপি জিডিষ্ট্ৰিবিউটৰছ ইউনিয়নৰ ধৰ্মঘটৰ হুংকাৰ। এই ধৰ্মঘট হ’লে গেছ চিলিণ্ডাৰ পোৱাত অসুবিধা পাব সাধাৰণ ৰাইজে।

শেহতীয়াকৈ এপ্ৰিল মাহৰ আৰম্ভণিতে ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম ৫০ টকা বৃদ্ধি কৰিছিল চৰকাৰে।যিয়ে গ্ৰাহকসকলৰ মাজত সমস্যাৰ সৃষ্টি কৰিছিল। ইয়াৰ পাছত আহিছে আন এক সংকট। মে’ মাহৰ পৰা এলপিজি চিলিণ্ডাৰ পোৱাত সমস্যা হ’ব পাৰে গ্ৰাহকসকলৰ বাবে। লগতে বৃদ্ধি পাব পাৰে চিলিণ্ডাৰৰ খৰচো। ইয়াৰ আঁৰত আছে এলপি জিডিষ্ট্ৰিবিউটৰছ ইউনিয়নৰ ধৰ্মঘটৰ হুংকাৰ। এই ধৰ্মঘট হ’লে গেছ চিলিণ্ডাৰ পোৱাত অসুবিধা পাব সাধাৰণ ৰাইজে। দেওবাৰে সংগঠনটোৱে সকীয়াই দিয়ে যে তিনিমাহৰ ভিতৰত তেওঁলোকৰ দাবী পূৰণ নকৰিলে ধৰ্মঘট কৰিব। যদি এনেকুৱা হয় গেছ চিলিণ্ডাৰ গ্ৰাহকৰ ঘৰলৈ পঠিওৱাত সমস্যা হ’ব পাৰে।

সন্থাৰ সভাপতি বি এছ শৰ্মাই এক বিবৃতিত কয় যে, শনিবাৰে ভূপালত অনুষ্ঠিত হোৱা সন্থাৰ ৰাষ্ট্ৰীয় অধিৱেশনত লোৱা হৈছে এই সিদ্ধান্ত। তেওঁ কয়, “বিভিন্ন ৰাজ্যৰ পৰা অহা সদস্যসকলে দাবী পত্ৰ সন্দৰ্ভত প্ৰস্তাৱটোত অনুমোদন জনাইছে। এলপিজি বিতৰকসকলৰ দাবীৰ বিষয়ে আমি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়লৈ লিখিছোঁ। বৰ্তমান এলপিজি বিতৰকক দিয়া কমিচন অতি কম আৰু পৰিচালনা ব্যয়ৰ লগত মিল নাই।”

এই সন্দৰ্ভত এলপিজি বিতৰণৰ কমিছন কমেও ১৫০ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনাই কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ লিখিছে সন্থাটোৱে। পত্ৰখনত কোৱা অনুসৰি এলপিজিৰ চাহিদা আৰু যোগানৰ ওপৰত ভিত্তি কৰি যোগান ধৰা হয়। কিন্তু, তেল কোম্পানীয়ে বলপূৰ্বকভাৱে আইনৰ বিৰুদ্ধে কাম কৰি আছে। এই কাম তৎক্ষণাত বন্ধ কৰিব লাগে। ইফালে উজ্জ্বলা যোজনাৰ অধীনত এলপিজি চিলিণ্ডাৰ বিতৰণৰ ক্ষেত্ৰতো সৃষ্টি হৈছে সমস্যাৰ। পত্ৰখনত সংগঠনটোৱে স্পষ্ট কৰি দিছে যে যদি তেওঁলোকৰ দাবী ৩ মাহৰ ভিতৰত পূৰণ নহয় তেন্তে তেওঁলোকে দীৰ্ঘদিনীয়া ধৰ্মঘট কৰিব।