মাহৰ প্ৰথম দিনটোতে ভাল খবৰ, ইমান টকাকৈ কমিল চিলিণ্ডাৰৰ দাম…
মাহৰ আৰম্ভণিতে আহিছে এটা ভাল খবৰ। হ্ৰাস পালে এল পি জি চিলিণ্ডাৰৰ মূল্য । ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য এবাৰতে ১০ টকা হ্ৰাস পাইছে। আজি ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন মূল্য।
আজি ডিচেম্বৰ মাহৰ প্ৰথমটো দিন। মাহৰ আৰম্ভণিতে আহিছে এটা ভাল খবৰ। হ্ৰাস পালে এল পি জি চিলিণ্ডাৰৰ মূল্য । ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য এবাৰতে ১০ টকা হ্ৰাস পাইছে। আজি ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন মূল্য। এতিয়া এল পি জি চিলিণ্ডাৰৰ দাম কিমান হ’ল সবিশেষ জানো আহক…
ভাৰতীয় তেল নিগমৰ ৱেবছাইট অনুসৰি ১৯ কেজি গেছ চিলিণ্ডাৰৰ মূল্য ১০ টকা হ্ৰাস কৰা হৈছে।দিল্লীত ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য এতিয়া ১৫৮০.৫০ টকা, যিটো আগতে ১৫৯০.৫০ টকা আছিল। গুৱাহাটীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১০.৫০ টকা হ্ৰাস হৈ ১৭৭৫.৫০ টকা হৈছেগৈ।
ইফালে ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ১৪.২ কেজিৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। দিল্লীত ১৪.২ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য ৮৫৩ টকা। মুম্বাইত ৮৫২.৫০ টকা। গুৱাহাটীত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৯০২ টকা হৈ আছে।