নিৰাপদ সঞ্চয়ৰ লগতে মাহিলী আয়ৰ নিশ্চয়তা দিয়ে ডাকঘৰৰ এই আঁচনিয়ে
কষ্টোপাৰ্জিত ধন সঞ্চয়ৰ লগতে বিনিয়োগৰ ক্ষেত্ৰত ডাকঘৰৰ এখন আঁচনি আপোনাৰ বাবে উচিত বিবেচিত হ’ব পাৰে। এই আঁচনিখনে আপোনাৰ কষ্টোপাৰ্জিত ধনৰ নিৰাপদ সঞ্চয়ৰ সমান্তৰালকৈ মাহিলী আয়ৰো নিশ্চয়তা প্ৰদান কৰে। ডাকঘৰৰ এই আঁচনিখনৰ বিষয়ে জানিবলৈ চাওক ভিডিঅ’।
নিজৰ কষ্টোপাৰ্জিত ধনৰ এটা অংশ সঞ্চয় কৰাটো অত্যন্ত প্ৰয়োজনীয়। পিছে এই সঞ্চয়ৰ ধন যাতে নিৰাপদে থাকে তাৰ প্ৰতি লক্ষ্য ৰখাটোও অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ সমান্তৰালকৈ সঞ্চয়ৰ এই ধন নিৰাপদ বিনিয়োগৰ জৰিয়তে অতিৰিক্ত আয়ৰ ওপৰতো গুৰুত্ব দিব পাৰি। কিন্তু বিনিয়োগৰ ক্ষেত্ৰতো শ্বেয়াৰ বজাৰৰ সূচকাংক নিয়মিত উত্থান–পতন হৈ থাকে বাবে কিছু বিপদাশংকা থাকে। তেনে পৰিস্থিতিত উপাৰ্জিত ধন ক’ত সঞ্চয় তথা বিনিয়োগ কৰিব, সেই বিষয়ে চিন্তা কৰিবলগা হয়।
এইক্ষেত্ৰত ডাকঘৰৰ এখন আঁচনি আপোনাৰ বাবে উচিত বিবেচিত হ’ব পাৰে। এই আঁচনিখনে আপোনাৰ কষ্টোপাৰ্জিত ধনৰ নিৰাপদ সঞ্চয়ৰ সমান্তৰালকৈ মাহিলী আয়ৰো নিশ্চয়তা প্ৰদান কৰে। ডাকঘৰৰ এই আঁচনিখনৰ বিষয়ে জানিবলৈ চাওক ভিডিঅ’…
