Madras High Court on Live-in Relationships: লিভ-ইন ৰিলেচনৰ সন্দৰ্ভত কি ক’লে আদালতে?

Jan 20, 2026 | 10:51 PM

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এতিয়া এই লিভ-ইন ৰিলেইচনচিপক ‘Cultural Shock’ বুলি অভিহিত কৰিছে। লিভ-ইন ৰিলেচনত জড়িত মহিলাসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে আদালতে।

লিভ-ইন ৰিলেচন বৰ্তমান এক পৰম্পৰাত পৰিণত হৈছে। ঘৰৰ পৰা বাহিৰত থকা যুৱক-যুৱতীসকলে প্ৰেমত পৰাৰ পাছতে লিভ-ইন ৰিলেচনৰ ফালে আগবাঢ়ে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এতিয়া এই লিভ-ইন ৰিলেইচনচিপক ‘Cultural Shock’ বুলি অভিহিত কৰিছে। লিভ-ইন ৰিলেচনত জড়িত মহিলাসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে আদালতে। ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে যে, লিভ-ইন ৰিলেচনক প্ৰেম বিবাহৰ দৰে স্বীকৃতি দিয়াৰ প্ৰয়োজন।

শেহতীয়াকৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ শ্ৰীমথীয়ে গোচৰৰ শুনানিত কয়, “ভাৰতীয় সমাজত লিভ-ইন ৰিলেচন এক ‘Cultural Shock’। কিন্তু, এয়া হৈয়েই আছে।” আদালতৰ বিচাৰপীঠে আৰু কয় যে, এগৰাকী যুৱতীয়ে নিজকে আধুনিক বুলি ভাবি লিভ-ইন ৰিলেচনত আহে। কিন্তু তাৰ পাছত তেওঁলোকে অনুভৱ কৰে যে, এই সম্পৰ্কত নিৰাপত্তাৰ কোনো নিশ্চয়তা নাই। বৈবাহিক জীৱনৰ দৰে নহয়। এই বাস্তৱতাই তেওঁলোকৰ মনত অন্তৰ্দ্বন্দ্বৰ সৃষ্টি কৰে।