কাৰ্গিল বিজয় দিৱসৰ পৰা মানচেষ্টাৰ টেষ্টলৈ, পলকতে চাওক দিনটোৰ শীৰ্ষ খবৰ

Jul 26, 2025 | 11:28 PM

উচ্ছেদ সন্দৰ্ভত কঠোৰ সকীয়নি মুখ্যমন্ত্ৰীৰ। বেদখল হোৱা সকলো ঠাইতে পদ্ধতিগতভাৱে তথা পৰ্যায়ক্ৰমে উচ্ছেদ চলাব প্ৰশাসনে। ৰাজহুৱা ভূমিত বেদখল কোনো কাৰণতে সহ্য কৰা নহয় বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

আজি সমগ্ৰ দেশে পালন কৰা হয় কাৰ্গিল বিজয় দিৱস। অসমতো বিভিন্ন ঠাইত আয়োজন কৰা হৈছে এই দিৱস। গুৱাহাটীৰ দীঘলীপুখুৰীত থকা ৱাৰ মেম’ৰিয়েলত এই উপলক্ষে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ লগতে আন কেবাগৰাকীও অৱসৰপ্ৰাপ্ত সেনা বিষয়াই।

উচ্ছেদ সন্দৰ্ভত কঠোৰ সকীয়নি মুখ্যমন্ত্ৰীৰ। বেদখল হোৱা সকলো ঠাইতে পদ্ধতিগতভাৱে তথা পৰ্যায়ক্ৰমে উচ্ছেদ চলাব প্ৰশাসনে। ৰাজহুৱা ভূমিত বেদখল কোনো কাৰণতে সহ্য কৰা নহয় বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই। ইফালে ধুবুৰীৰ চাপৰত চলা উচ্ছেদ অভিযান সন্দৰ্ভত চৰকাৰক কঠোৰ নিন্দা কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। সংখ্যালঘু মুছলমানক লক্ষ্য কৰি এই অভিযান চলোৱাৰ অভিযোগ বিধায়কগৰাকীৰ।

চাওঁ আহক দিনটোৰ আন কেতবোৰ চৰ্চিত খবৰ…