ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী, তিনি শতাধিক লোকৰ অংশগ্ৰহণ
বিজেপিত যোগদান কৰে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ কন্যা আয়ুষ্মিতা ডেকাই। USAত থাকি উচ্চ শিক্ষাগ্ৰহণ কৰি তাতেই কৰ্ম জীৱনৰ পাতনি মেলিছিল আয়ুষ্মিতাই। মাতৃ ভূমিত সেৱা আগবঢ়াই নিবৰ বাবে স্ব ভূমিলৈ ঘূৰি আহি বিজেপি দলত অংশগ্ৰহণ কৰে তেওঁ।
ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয়ত যোগদান অনুষ্ঠান। বিজেপি যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত এই যোগদান কাৰ্যসূচী। প্ৰায় তিনি শতাধিক লোকে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। ভিন্ন দল সংগঠন,ৰাজনৈতিক দলৰ কৰ্মকৰ্তাৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে যোগদান কাৰ্যসূচীত।
উক্ত অনুষ্ঠানতেই বিজেপিত যোগদান কৰে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ কন্যা আয়ুষ্মিতা ডেকাই। USAত থাকি উচ্চ শিক্ষাগ্ৰহণ কৰি তাতেই কৰ্ম জীৱনৰ পাতনি মেলিছিল আয়ুষ্মিতাই। মাতৃ ভূমিত সেৱা আগবঢ়াই নিবৰ বাবে স্ব ভূমিলৈ ঘূৰি আহি বিজেপি দলত অংশগ্ৰহণ কৰে তেওঁ। অনুষ্ঠানত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধি, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে বিজেপি বহু কৰ্ম-কৰ্তা উপস্থিত থাকে।