Jaya Bachan: সহ-অভিনেতাক গোৰ মাৰিলে জয়াই! কাৰণ…
Jaya Bachan: কোনে নাজানে অভিনেত্ৰী জয়া বচ্চনৰ খঙৰ কথা। অনুৰাগীৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ লোকলৈ সকলোৱে তেওঁৰ খঙৰ বিষয়ে জানে। কিন্তু এবাৰ তেওঁ সহ-অভিনেতাক গোৰ মাৰিছিল।
অভিনেত্ৰী জয়া বচ্চনৰ খঙৰ বিষয়ে সকলোৱে জানে। কিন্তু তেওঁ কিছুমান এনে কাম কৰি থৈয়ে যিয়ে আচৰিত কৰি তুলিব বহুতক। এবাৰ সহ-অভিনেতাক গোৰ মৰাৰ দৰে কাম কৰিছিল জয়াই। সেই অভিনেতাজনে নিজেই প্ৰকাশ কৰিছিল এই কথা।ভোজপুৰীৰ জনপ্ৰিয় অভিনেতা দীনেশ লাল যাদৱে এবাৰ মুকলিকৈ জয়াৰ খঙৰ বিষয়ে কৈছিল।
তেওঁ কৈছিল যে, এবাৰ ছবিৰ শ্বুটিং চলি থকাৰ সময়ত তেওঁক জয়াই গোৰ মাৰিছিল। সেই ছবিখনত অমিতাভ বচ্চনেও অভিনয় কৰিছিল।ভোজপুৰী ছবি ‘গংগাদেৱী’ত কাম কৰাৰ সুযোগ পাইছিল দীনেশে। এই ছবিতে জয়াই সংঘটিত কৰিছিল এক অনাকাংক্ষিত ঘটনা। ছবিৰ শ্বুটিং চলি থকাৰ মাজতে জয়াই তেওঁক গোৰ মাৰিছিল।