মাছুদৰ নতুন কৌশল, অনলাইনত মহিলাৰ বাবে জেহাদী পাঠ্যক্ৰম জৈছ-ই-মহম্মদৰ
জৈছ-ই-মহম্মদে মহিলা নিযুক্তিৰ বাবে আৰম্ভ কৰিছে তুফাত আল-মমিনাত নামৰ অনলাইন জেহাদী পাঠ্যক্ৰম। মাছুদ আজহাৰৰ ভগ্নী আৰু উমৰ ফাৰুকৰ পত্নীয়ে নেতৃত্ব দিব এই কাৰ্যসূচীৰ। প্ৰতিজন অংশগ্ৰহণকাৰীৰ পৰা লোৱা হ’ব ৫০০ পাকিস্তানী টকাৰ মাচুল।
পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদে গ্ৰহণ কৰিছে এক নতুন কৌশল। শেহতীয়াকৈ প্ৰকাশ পাইছিল সন্ত্ৰাসবাদী সংগঠনটোৱে জামাত আল-মমিনাত নামৰ মহিলা জেহাদী ব্ৰিগেড গঠন কৰাৰ কথা। এতিয়া এই কথা পোহৰলৈ আহিছে যে জৈছ-ই-মহম্মদে মহিলা নিযুক্তিৰ বাবে আৰম্ভ কৰিছে তুফাত আল-মমিনাত নামৰ অনলাইন জেহাদী পাঠ্যক্ৰম। মাছুদ আজহাৰৰ ভগ্নী আৰু উমৰ ফাৰুকৰ পত্নীয়ে নেতৃত্ব দিব এই কাৰ্যসূচীৰ। প্ৰতিজন অংশগ্ৰহণকাৰীৰ পৰা লোৱা হ’ব ৫০০ পাকিস্তানী টকাৰ মাচুল।
চলিত মাহৰ আৰম্ভণিতে প্ৰকাশ পাইছিল যে জামাত উল-মুমিনাত নামৰ মহিলা ব্ৰিগেড গঠনৰ প্ৰস্তুতি চলাইছে সংযুক্ত ৰাষ্ট্ৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত আৰু পাকিস্তানৰ সমৰ্থিত জৈছ-ই-মহম্মদে। নতুনকৈ পোহৰলৈ অহা এটা তথ্যত প্ৰকাশ পাইছে যে মহিলাক নিযুক্তি আৰু ধন সংগ্ৰহৰ বাবে অনলাইন প্ৰশিক্ষণ পাঠ্যক্ৰমো চলাই আছে গোটটোৱে। এই পাঠ্যক্ৰমৰ নাম তুফাত আল-মুমিনাত।
এই মহিলা ব্ৰিগেডৰ কমাণ্ড মৌলানা মাছুদ আজহাৰে অৰ্পণ কৰিছে তেওঁৰ কনিষ্ঠ ভগ্নী সাদিয়া আজহাৰক। অপাৰেচন সেন্দূৰত নিহত হৈছিল সাদিয়াৰ স্বামী ইউনুছ আজহাৰ। তেওঁৰ কনিষ্ঠ ভগ্নী ছাফিয়া আৰু উমৰ ফাৰুকৰ পত্নী আফ্ৰিৰা ফাৰুককো শ্বুৰাত অন্তৰ্ভুক্ত কৰিছে। পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত উমৰ ফাৰুক, পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত নিহত হৈছিল।
সংগঠনটোক শক্তিশালী কৰাৰ লগতে ইয়াৰ মহিলা ব্ৰিগেডত অধিক মহিলাক নিযুক্তি দিয়াৰ উদ্দেশ্যে মাছুদ আজহাৰ আৰু তেওঁৰ সহযোগীসকলৰ আত্মীয়কে ধৰি জৈছ-ই-মহম্মদৰ নেতাসকলৰ পৰিয়ালৰ সদস্যসকলে জেহাদ, ধৰ্ম, ইছলামৰ দৃষ্টিকোণৰ পৰা মহিলাসকলক তেওঁলোকৰ দায়িত্বৰ বিষয়ে শিকাব।