Indian Railway News: ভাৰতীয় ৰে’লৱেৰ সংৰক্ষিত টিকট বুকিঙৰ নিয়ম সলনি

Sep 17, 2025 | 10:38 PM

একেদৰে চেণ্টাৰ ফৰ ৰে'লৱে ইনফৰ্মেশ্যন চিষ্টেম বা চি আৰ আই এছ আৰু আই আৰ চি টি চিৰ সৈতে জড়িত বিষয়াসকলেও নিজৰ কাম আৰম্ভ কৰিছে। এই অন্তিম তাৰিখ অক্টোবৰ মাহলৈকে। পূজাৰ মাজভাগৰ পৰা আৰম্ভ হোৱা প্ৰক্ৰিয়াটোৰ বাবে তেওঁলোকে ক্ষীপ্ৰতাৰে কাম কৰি আছে।

সংৰক্ষিত টিকট বুকিং কৰাৰ পদ্ধতি সলনি হৈছে। ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম। প্ৰৱঞ্চনা আৰু টিকটৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ ৰে’লৱে পূৰ্বতকৈ কঠোৰ হৈছে। টিকট বুকিং কৰাৰ সময়ত প্ৰথম ১৫ মিনিটৰ ভিতৰত আধাৰ কাৰ্ড বাধ্যতামূলক।

ভাৰতীয় ৰে’লৱেৰ কাউণ্টাৰত বুকিং কৰাৰ সময় আৰু পদ্ধতি একেই থাকিব। কিন্তু অনলাইন বুকিঙৰ ক্ষেত্ৰত বুকিং আৰম্ভ হোৱাৰ প্ৰথম ১৫ মিনিটৰ ভিতৰত আধাৰ পৰিচয় পত্ৰ অবিহনে টিকট বুকিং কৰা সম্ভৱ নহ’ব। ৰে’ল মন্ত্ৰালয়ৰ নতুন নিয়ম অনুসৰি আই আৰ চি টি চি আৰু CRIS ব্যৱস্থা আপডেট কৰিবলৈ নিৰ্দেশ দিছে। একেদৰে চেণ্টাৰ ফৰ ৰে’লৱে ইনফৰ্মেশ্যন চিষ্টেম বা চি আৰ আই এছ আৰু আই আৰ চি টি চিৰ সৈতে জড়িত বিষয়াসকলেও নিজৰ কাম আৰম্ভ কৰিছে। এই অন্তিম তাৰিখ অক্টোবৰ মাহলৈকে। পূজাৰ মাজভাগৰ পৰা আৰম্ভ হোৱা প্ৰক্ৰিয়াটোৰ বাবে তেওঁলোকে ক্ষীপ্ৰতাৰে কাম কৰি আছে।