ৰে’লত শিশুৰ বাবে টিকট বুকিঙৰ সময়ত নকৰিব এই ভুল, নিয়ম জানক…
ভাৰতীয় ৰে'লৱেৰ এটা নিৰ্দিষ্ট নিয়ম আছে। আৰু সেই নিয়ম যদি আপুনি নাজানে, তেন্তে বিপদত পৰাৰ সম্ভাৱনা থাকে। কাৰণ যদি টিকট পৰীক্ষকে দেখে যে আপুনি ভুল টিকটত যাত্ৰা কৰিছে, তেতিয়া আপোনাৰ ওপৰত জৰিমনা বিহিব পাৰে। ৬ মাৰ্চ, ২০২০ৰ ৰে’ল মন্ত্ৰালয়ৰ চাৰ্কুলাৰত এই সন্দৰ্ভত স্পষ্ট নিয়ম আছে।
বৰদিনৰ বন্ধ বা নতুন বছৰত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে নেকি? হাতত সময় কম থকা বাবে বহু লোকে খৰখেদাকৈ ৰে’লৰ টিকট বুকিং কৰিব বিচাৰিছে। কিন্তু এই সময়ত প্ৰায়ে এটা প্ৰশ্ন মনলৈ আহে, আপোনাৰ সন্তানৰ বাবে কেনেকৈ টিকট বুকিং কৰিব লাগে?
আচলতে এই ক্ষেত্ৰত ভাৰতীয় ৰে’লৱেৰ এটা নিৰ্দিষ্ট নিয়ম আছে। আৰু সেই নিয়ম যদি আপুনি নাজানে, তেন্তে বিপদত পৰাৰ সম্ভাৱনা থাকে। কাৰণ যদি টিকট পৰীক্ষকে দেখে যে আপুনি ভুল টিকটত যাত্ৰা কৰিছে, তেতিয়া আপোনাৰ ওপৰত জৰিমনা বিহিব পাৰে। ৬ মাৰ্চ, ২০২০ৰ ৰে’ল মন্ত্ৰালয়ৰ চাৰ্কুলাৰত এই সন্দৰ্ভত স্পষ্ট নিয়ম আছে।
তেন্তে টিকট বুকিং কৰাৰ প্ৰয়োজন নাই। শিশুটিয়ে প্ৰাপ্তবয়স্ক যাত্ৰীৰ সৈতে একেটা বাৰ্থতে বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। কিন্তু যদি আপুনি স্বেচ্ছাই ৫ বছৰৰ তলৰ এই শিশুটিৰ বাবে পৃথক বাৰ্থ বা আসন বিচাৰে, তেন্তে আপুনি সম্পূৰ্ণ প্ৰাপ্তবয়স্কৰ ভাড়াত টিকট বুকিং কৰিব লাগিব।
