Iran Crisis Updates: আকাশী পথ বন্ধ, দেশজুৰি হাই এলাৰ্ট, চূড়ান্ত অস্থিৰতাৰ মাজত ইৰাণ

Jan 15, 2026 | 7:36 PM

বুধবাৰে খবৰ ওলাইছিল যে ইৰাণৰ আকাশমাৰ্গ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। ইৰাণৰ পৰা আৰু ইৰাণলৈ যোৱা আন্তঃৰাষ্ট্ৰীয় বিমানৰহে উৰণ আৰু অৱতৰণৰ অনুমতি দিয়া হৈছে। বাকী সকলো বিমান বন্ধ। FlightRadar24 এ জনাইছে এই তথ্য।

অধিক জটিল হৈ পৰিছে ইৰাণত পৰিস্থিতি। এইবাৰ বন্ধ কৰি দিয়া হৈছে আকাশমাৰ্গ। ইৰাণৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে ব্যাহত হৈ পৰিছে বহু বিমান সেৱা। আনহাতে, প্ৰতিবাদৰ জুইকুৰাও বৃদ্ধি পাইছে দেশখনত। প্ৰতিবাদকাৰীক ফাঁচী দিয়াৰ হুংকাৰ দিছে প্ৰশাসনে। ইৰাণৰ নাগৰিকক সুৰক্ষা প্ৰদানৰ বাবে দেশখনক আক্ৰমণ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও। মুঠতে ইৰাণ এতিয়া গভীৰ অস্থিৰতাৰ মাজেৰে গতি কৰিছে।

বুধবাৰে খবৰ ওলাইছিল যে ইৰাণৰ আকাশমাৰ্গ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। ইৰাণৰ পৰা আৰু ইৰাণলৈ যোৱা আন্তঃৰাষ্ট্ৰীয় বিমানৰহে উৰণ আৰু অৱতৰণৰ অনুমতি দিয়া হৈছে। বাকী সকলো বিমান বন্ধ। FlightRadar24 এ জনাইছে এই তথ্য।

হঠাতে কিয় আকাশমাৰ্গ বন্ধ কৰি দিয়া হ’ল সেই কথা স্পষ্ট কৰা নাই ইৰাণৰ প্ৰশাসনে। কিন্তু আমেৰিকাৰ আক্ৰমণৰ আশংকাৰ বাবেই নেকি এই সিদ্ধান্ত? সূত্ৰৰ পৰা জানিব পৰা মতে, বিমানখনত আক্ৰমণৰ আশংকাত আকাশমাৰ্গ বন্ধ কৰি দিয়া হৈছে। কেৱল জৰুৰীকালীন আন্তঃৰাষ্ট্ৰীয় বিমানকহে অনুমতি লৈ উৰণৰ অনুমতি দিয়া হৈছে।

ইৰাণত বৃহৎ অভিযানৰ বাবে আমেৰিকা প্ৰশাসনে প্ৰস্তুতি চলাইছে বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল। ইৰাণত প্ৰতিবাদকাৰীৰ মৃত্যুৰ সংখ্যা ২০০০ অতিক্ৰম কৰাৰ লগে লগে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ যুৱক-যুৱতীসকলক এই আন্দোলন বন্ধ নকৰিবলৈ অহ্বান জনায়। ট্ৰাম্পে কয় যে আমেৰিকাৰ পৰা সহায় আহি আছে। সূত্ৰ অনুসৰি আমেৰিকাই ইতিমধ্যে সৈন্য প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰিছে।

ইৰাণেও মৌনতা অৱলম্বন কৰা নাই, চুবুৰীয়া ৰাষ্ট্ৰ তেহৰাণত আমেৰিকাৰ ঘাটি আক্ৰমণ কৰাৰ ভাবুকি দিছে ইৰাণে। ইফালে ইৰাকৰ পৰা কুৰ্দি বাহিনীয়েও ইৰাণত প্ৰৱেশৰ চেষ্টা চলোৱা বুলি প্ৰকাশ কৰিছে ৰয়টাৰে। অৱশেষত দুয়োখন দেশ প্ৰত্যক্ষ সংঘাতত লিপ্ত হ’ব নে নহয় সেয়া হ’ব লক্ষ্যণীয়। মধ্যপ্ৰাচ্যৰ আটাইতকৈ শক্তিশালী দেশ আৰু পশ্চিমীয়া বিশ্বৰ আটাইতকৈ শক্তিশালী দেশৰ মাজৰ সংঘাত অৱশেষত তৃতীয় বিশ্বযুদ্ধত পৰিণত হ’ব নেকি? উত্তৰ সময়ে দিব।