এই আঁচনিৰ জৰিয়তে মাত্ৰ ৪৪৪ দিনতে পাব বিপুল পৰিমাণৰ লাভ
ভৱিষ্যতৰ আৰ্থিক সুৰক্ষাৰ বাবে সঞ্চয়ৰ সমান্তৰালকৈ বিনিয়োগৰ ক্ষেত্ৰতো নিজৰ উপাৰ্জনৰ এক অংশ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা সঞ্চয়ৰ লগতে উপাৰ্জনৰো এক পথ মুকলি হয়। পিছে বিনিয়োগৰ সঠিক ক্ষেত্ৰৰ বিষয়েও আমি জানিব লাগিব। বিনিয়োগৰ এনে এক ব্যৱস্থাৰ বিষয়ে জানো আহক।
নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যতৰ আৰ্থিক সুৰক্ষাৰ বাবে সকলো লোকে যথাসম্ভৱ নিজ উপাৰ্জনৰ এক অংশ সঞ্চয় কৰে। স্বাভাৱিকতেই প্ৰতিজন লোকৰ ক্ষেত্ৰতে এয়া এক সু-অভ্যাস। কিন্তু ক্ৰমাগতভাৱে এতিয়া বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ সময়ছোৱাত সঞ্চয়েই ভৱিষ্যত সুৰক্ষাৰ একমাত্ৰ পথ নহয়। সেয়ে নিজৰ উপাৰ্জনৰ এক অংশ সঞ্চয়ৰ সমান্তৰালকৈ বিনিয়োগৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা সঞ্চয়ৰ লগতে উপাৰ্জনৰো এক পথ মুকলি হয়। পিছে বিনিয়োগৰ সঠিক ক্ষেত্ৰৰ বিষয়েও আমি জানিব লাগিব।
বিনিয়োগৰ কথা আলোচিত হলে সাধাৰণতে অধিকাংশ সময়তে শ্বেয়াৰ মাৰ্কেট বা ক্ৰিপ্ট’ৰ কথাই প্ৰথমে মনলে আহে। কিন্তু এই দুয়োটা ক্ষেত্ৰতে উপাৰ্জনৰ সমান্তৰালকৈ লোকচানৰো শংকা নথকা নহয়। এইক্ষেত্ৰত এক সঠিক বিকল্প হ’ব পাৰে ফিক্সড ডিপ’জিট। এনে ফিক্সড ডিপ’জিট আঁচনিৰে এক বিশেষ স্থানত আপুনি মাত্ৰ ৪৪৪ দিনৰ ভিতৰতে বিপুল পৰিমাণৰ লাভৰ মুখ দেখিব পাৰে। চাওঁ আহক এই বিষয়ে।