সাগৰৰ তলত ডাঙৰ বিপৰ্যয়! বিকল হৈ পৰিছে লাখ লাখ কম্পিউটাৰ, মোবাইল…

Sep 09, 2025 | 4:23 PM

সাগৰৰ তলত কি চলিছে? শেহতীয়াকৈ সংঘটিত কিছুমান ঘটনাৰ পাছত এই প্ৰশ্নই উত্থাপন হৈছে। কিয়নো সাগৰৰ তলত থকা ইন্টাৰনেট সংযোগকাৰী তাঁৰ কাটি পেলাইছে কোনোয়ে।

বিশ্বৰ বিভিন্ন প্ৰান্তত ব্যাহত হৈ পৰিছে ইন্টাৰনেট সেৱা। ভাৰত, পাকিস্তান, দক্ষিণ-পূব এছিয়া, মধ্যপ্ৰাচ্য আনকি দক্ষিণ ইউৰোপৰ কিছু অংশতো ইণ্টাৰনেট সেৱা ব্যাহত হৈ পৰিছে। পিছে কিয় হঠাৎ এই ইণ্টাৰনেট সমস্যা? খবৰ অনুসৰি লোহিত সাগৰৰ তলত থকা বহু ফাইবাৰ কেবল ছিঙি যোৱাৰ ফলত এনে হৈছে।

ইণ্টাৰনেট অভজাৰভেটৰি নেটব্লকছ (Internet Observatory Netblocks)য়ে দাবী কৰিছে যে ফাইবাৰ কেবল ছিঙি যোৱাৰ ফলত এই সমস্যাৰ সৃষ্টি হৈছে। এই ঘটনাৰ পাছতে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। বহুতে প্ৰশ্ন কৰিছে যে, ইয়াৰ প্ৰকাণ্ড তাঁৰ কেনেকৈ নষ্ট হৈ গ’ল। এই তাঁৰডাল নিজে নিজে ছিঙি গৈছিল নে কোনোবাই কাটিছে?

ৰয়টাৰৰ মতে, কেৱল দক্ষিণ এছিয়াই নহয়, সংযুক্ত আৰব আমিৰশ্বাহীয়েও ইণ্টাৰনেট সমস্যাৰ সন্মুখীন হৈছে। নেটব্লকছে জনোৱা মতে, চৌদি আৰৱৰ জেদ্দাৰ ওচৰত কেবল চিষ্টেমৰ বিকলতাৰ বাবে এনে সমস্যা হৈছে।

একাংশৰ দাবী অনুসৰি সাগৰৰ তলৰ যোগাযোগৰ ক্ষেত্ৰখনক লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদীয়ে।  যাৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলত ইণ্টাৰনেটৰ গতি হ্ৰাস পাইছে। অৱশ্যে মধ্যপ্ৰাচ্যত ইণ্টাৰনেট সেৱাৰ অভাৱ হোৱাৰ কথা আগতীয়াকৈ সকীয়াই দিছে মাইক্ৰ’ছফটে।