ভাৰতীয় ৰে’লঃ পুনৰ সলনি হ’ল ৱেটিং লিষ্টৰ নিয়ম…

Jul 08, 2025 | 4:07 PM

পুনৰ সলনি হ'ল ভাৰতীয় ৰে'লৰ ৱেটিং লিষ্টৰ নিয়ম। ২০ জুনত ৰেলৱে এক অধিসূচনা জাৰি কৰিছিল যদিও পুনৰ সেয়া বাতিল কৰে। লগতে ৱেটিং লিষ্ট সন্দৰ্ভত নতুন নিয়ম প্ৰৱৰ্তন কৰে।

যোৱা ২০ জুনত ভাৰতীয় ৰে’লৱেই ৱেটিং লিষ্ট সন্দৰ্ভত নতুন নিয়ম প্ৰৱৰ্তন কৰিছিল। কনফৰ্ম টিকটত লৈ দালালসকলে আৰম্ভ কৰা ব্যৱসায় ৰোধ কৰিবলৈ ৰেলৱে গ্ৰহণ কৰিছিল সিদ্ধান্ত। সেই অনুসৰি, ২৫ শতাংশতকৈ অধিক ৱেটিং লিষ্টত নাথাকিব। কিন্তু এই সিদ্ধান্তৰ কেইটামান সপ্তাহৰ পাছতে পুনৰ নিয়ম পৰিবৰ্তন হ’ল। যাৰ ফলত ৱেটিং লিষ্টৰ নিয়ম পুনৰ সলনি হয়।

নতুন তালিকা অনুসৰি যিকোনো মেইল ​​বা এক্সপ্ৰেছ ট্ৰেইনত ফাৰ্ষ্ট এচিত ১০০ শতাংশ ৱেটিং লিষ্ট। উদাহৰণস্বৰূপে , যদি এটা টায়াৰৰ এচিত ১৮ টা ৱাৰ্থ থাকে. তেন্তে ৱেটিং লিষ্টত ১৮ টা টিকট দিয়া হ’ব। ইয়াৰ লগতে ছেকেণ্ড এচিত ৬০ শতাংশ আৰু শ্লিপাৰত ৪০ শতাংশ ৱেটিং লিষ্টত থাকিব।