নতুন শক্তিৰে সজ্জিত হ’ব ভাৰতীয় নৌসেনা! ১০ বছৰৰ বাবে পৰিকল্পনা প্ৰস্তুত…
বৰ্তমান নৌসেনাৰ হাতত আছে ১৪০খন যুদ্ধজাহাজ আৰু ১৭খন ছাবমেৰিন। ইয়াৰ উপৰিও আছে ২৫০ খনতকৈও অধিক বিমান আৰু হেলিকপ্টাৰ। পৰিকল্পনা অনুসৰি অহা দশকত এই সংখ্যা ২০০ৰো অধিক বৃদ্ধি কৰি জাহাজ আৰু ছাবমেৰিন ৩৫০খন কৰা হ’ব।
আত্মনিৰ্ভৰ ভাৰত। সামৰিক সঁজুলি নিৰ্মাণত বৃদ্ধি পাইছে থলুৱা প্ৰযুক্তিৰ ওপৰত ভৰসা। নিজৰ শক্তি প্ৰতিনিয়ত বৃদ্ধি কৰিছে ভাৰতীয় নৌসেনাই। দহ বছৰৰ পাছত নৌসেনা কিমান শক্তিশালী হ’ব, তাৰো চলিছে পৰিকল্পনা। ২০৩৫ চনৰ ভিতৰত ২০০ ৰো অধিক যুদ্ধ জাহাজ আৰু ছাবমেৰিন নিজৰ সৈতে ৰখাৰ লক্ষ্য ভাৰতীয় নৌসেনাৰ। ইয়াৰ দ্বাৰা চীন আৰু পাকিস্তানৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক প্ৰত্যাহ্বানৰ সৈতে সহজেই মোকাবিলা কৰিব পৰা যাব বুলি ধাৰণা কৰিছে নৌসেনাৰ বিষয়াসকলে।
বৰ্তমান ঘৰুৱা কাৰখানাত চলি আছেভাৰতীয় নৌসেনাৰ ৫৫খন সৰু-বৰ যুদ্ধ জাহাজ নিৰ্মাণৰ কাম। যাৰ বাবে খৰচ হ’ব প্ৰায় ৯৯,৫০০ কোটি টকা। তাৰ উপৰিও আন ৭৪ খন যুদ্ধ জাহাজ আৰু সামগ্ৰী, যাত্ৰী কঢ়িওৱা জাহাজ নিৰ্মাণৰ বাবে দিয়া হৈছে অনুমোদন। যাৰ ব্যয় হ’ব প্ৰায় ২.৩৫ লাখ কোটি টকা। লগতে আন কেইবাটাও পৰিকল্পনা হাতত লোৱা হৈছে।