সাগৰ তলিত লুকাই শত্ৰু নিঃশেষ কৰিব ভাৰতৰ এই ব্ৰহ্মাস্ত্ৰই

Oct 18, 2025 | 7:23 PM

প্ৰজেক্ট-৭৫আই ছাবমেৰিনসমূহ ডিজেল-ইলেক্ট্ৰিক আৰু এয়াৰ-ইনডিপেণ্ডেণ্ট প্ৰপালচন প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব। এই প্ৰযুক্তিৰ সহায়ত ছাবমেৰিনসমূহে পানীৰ তলত দীৰ্ঘ সময় ধৰি চলাচল কৰিব পাৰিব।

ভাৰতীয় প্ৰতিৰক্ষাৰ ইতিহাসত কাৰ্যতঃ আৰম্ভ হৈছে এক নতুন যুগৰ। নিজৰ শক্তি আৰু অধিক বৃদ্ধিৰ দিশে খোজ দিছে ভাৰতীয় সেনা। ভাৰতীয় নৌসেনা আৰু ব্ৰাহ্মোছ এৰ’স্পেছে যৌথভাৱে এনে এক অস্ত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে যিয়ে সাগৰৰ গভীৰতাৰ পৰা লক্ষ্যত সঠিকভাৱে আঘাত কৰিব পাৰিব।

অৰ্থাৎ পানীত ডুব মাৰি শত্ৰুৰ খেল শেষ কৰিব এই অস্ত্ৰই। ফলত ভাৰতীয় চাবমেৰিনৰ আক্ৰমণ ক্ষমতা বহুগুণে বৃদ্ধি পাব। সাগৰত শত্ৰুৰ ওপৰত হেঁচা প্ৰয়োগ কৰাটোও সহজ হ’ব। লগতে জনা গৈছে যে এই নতুন চাবমেৰিনত সংযোজন কৰা হ’ব ব্ৰাহ্মোছ মিছাইল। এই নতুন সংস্কৰণটো আচলতে ভৱিষ্যতৰ প্ৰজেক্ট-৭৫আই।

সাগৰৰ তলত লুকাই থকা ‘ব্ৰহ্মাস্ত্ৰ’

এই পৰ্যন্ত নৌসেনাৰ যুদ্ধ জাহাজ আৰু স্থলভিত্তিক লঞ্চাৰত ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰ সফলভাৱে ব্যৱহাৰ কৰা হৈছে। কিন্তু এইবাৰ লক্ষ্য ডাঙৰ। ভাৰতীয় সেনাৰ সাগৰৰ তলৰ পৰা শত্ৰুক আঘাত কৰাৰ ক্ষমতা থাকিব। যদি পানীৰ তলৰ পৰা ব্ৰাহ্মোছ নিক্ষেপ কৰা সম্ভৱ হয় তেন্তে ভাৰতৰ চাবমেৰিন ইউনিট সঁচা অৰ্থত এক অদৃশ্য আক্ৰমণকাৰী শক্তি হৈ পৰিব। যাৰ বাবে শত্ৰুৱে এই আক্ৰমণ সঠিকভাৱে ক’ৰ পৰা আহিছে সেইটোও গম নাপাব।

সূত্ৰ অনুসৰি প্ৰজেক্ট-৭৫আই ছাবমেৰিনসমূহ ডিজেল-ইলেক্ট্ৰিক আৰু এয়াৰ-ইনডিপেণ্ডেণ্ট প্ৰপালচন প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব। এই প্ৰযুক্তিৰ সহায়ত ছাবমেৰিনসমূহে পানীৰ তলত দীৰ্ঘ সময় ধৰি চলাচল কৰিব পাৰিব। ইয়াৰ উপৰিও ৰাডাৰত ধৰা পৰাৰ আশংকাও বহু পৰিমাণে হ্ৰাস পাব। ভাৰটিকেল লঞ্চ চিষ্টেমৰ পৰা উৎক্ষেপণ কৰা হ’ব নতুন ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰ। অৰ্থাৎ চাবমেৰিনখন আৰু পানীৰ ওপৰলৈ উঠিব নালাগিব। এই ক্ষেপণাস্ত্ৰ সম্পূৰ্ণ গোপনে নিক্ষেপ কৰিব পাৰি।