সামৰিক শক্তিৰ ক্ষেত্ৰত চতুৰ্থ স্থানত ভাৰত, কঁপিছে চীন-পাকিস্তান!

Jul 08, 2025 | 6:34 PM

শেহতীয়া ৰেংকিঙত সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ চতুৰ্থ স্থানত আছে। এই তালিকাত আমেৰিকা প্ৰথম, ৰাছিয়া দ্বিতীয় আৰু চীন তৃতীয় স্থানত আছে। বিগত সময়ত নৱম স্থানত আছিল যদিও এইবাৰ শীৰ্ষ ১০ ৰ পৰা বাহিৰ হৈছে পাকিস্তান। 

পাকিস্তানে হাতে-ভৰিয়ে ধৰাৰ পাছত যুদ্ধ বিৰতিত সহমত হৈছিল ভাৰত। ইয়াৰ পিছতে অন্ত পৰিছিল পাৰমাণৱিক আক্ৰমণৰ ভয়বহতা। কিন্তু চুবুৰীয়া দেশ চীনে কেতিয়া কি কৰে এই কথা হয়তো কোনেও নাজানে। ইফালে ম্যানমাৰত বৰ্তমানেও চলি আছে এক ৰক্তাক্ত সংঘাত।

পশ্চিম এছিয়াৰ বিষয়ে নতুনকৈ ক’ব লগা নাই। এতিয়া চীন সাগৰৰ পানীও উতলিছে। তেন্তে কোন দিশে গতি কৰিছে পৃথিৱীখন? এইদৰে যুদ্ধৰ মাজেৰেই আগবাঢ়িব লাগিব নেকি আমি? গ্ল’বেল ফায়াৰপাৱাৰে যি কৈছে সেয়া যথেষ্ট চিন্তনীয়। তেওঁলোকৰ শেহতীয়া ৰেংকিঙত সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ চতুৰ্থ স্থানত আছে। এই তালিকাত আমেৰিকা প্ৰথম, ৰাছিয়া দ্বিতীয় আৰু চীন তৃতীয় স্থানত আছে। বিগত সময়ত নৱম স্থানত আছিল যদিও এইবাৰ শীৰ্ষ ১০ ৰ পৰা বাহিৰ হৈছে পাকিস্তান।