সংযুক্ত হ’ল EPFO-IPPB, লাভ কৰিব এই সুবিধা…
এই চুক্তিৰ ফলস্বৰূপে এতিয়াৰে পৰা ঘৰৰ দুৱাৰমুখতে ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিয়াৰ সুবিধা উপলব্ধ হ’ব। তাৰ পিছত আৰু পেঞ্চনাৰসকলে আৰু বেংক বা ইপিএফঅ’ৰ কাৰ্যালয়লৈ গৈ শাৰী পাতি থিয় হ’ব নালাগিব।
৩ নৱেম্বৰ অৰ্থাৎ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ সৈতে সংযুক্ত হৈছে EPFO বা কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা। এই দুয়োটা সংস্থাৰ মাজত এই ঐতিহাসিক চুক্তিয়ে দেশৰ কোটি কোটি পেঞ্চনাৰৰ জীৱন সলনি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
পূৰ্বে ইয়াৰ ঘোষণা কৰা হৈছিল। এই চুক্তিৰ ফলস্বৰূপে এতিয়াৰে পৰা ঘৰৰ দুৱাৰমুখতে ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিয়াৰ সুবিধা উপলব্ধ হ’ব। তাৰ পিছত আৰু পেঞ্চনাৰসকলে আৰু বেংক বা ইপিএফঅ’ৰ কাৰ্যালয়লৈ গৈ শাৰী পাতি থিয় হ’ব নালাগিব। ইয়াৰ বাবে বিশাল নেটৱৰ্ক ব্যৱহাৰ কৰিব ইণ্ডিয়ান পোষ্ট পেমেণ্টছ বেংকে। ফলত দেশৰ ১.৬৫ লাখৰো অধিক ডাকঘৰ আৰু ৩ লাখৰো অধিক পোষ্টমেন বা গ্ৰামীণ ডাক সেৱকে আপোনাৰ দুৱাৰমুখলৈ আহি এই সেৱা আগবঢ়াব।