Nepal Protest, Social Media Ban: নেপালত ৰাজনৈতিক অস্থিৰতা, সুবিধা ল’ব নেকি চীনে?

Sep 10, 2025 | 8:39 PM

নেপালৰ সৰ্বাধিক বিনিয়োগকাৰী ভাৰত। উৎপাদন, জলবিদ্যুৎ আৰু সেৱা খণ্ডত ভাৰতৰ বৃহৎ বিনিয়োগ আছে। ৰাজনৈতিক অস্থিৰতাই বিনিয়োগকাৰীৰ আস্থা হ্ৰাস কৰে। ইয়াৰ ফলত পঞ্চেশ্বৰ জলবিদ্যুৎ প্ৰকল্পৰ দৰে বৃহৎ প্ৰকল্পৰ কাম বন্ধ হৈ যাব পাৰে।

অশান্ত নেপাল! নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ প্ৰতিবাদৰ জুই ভাৰতৰ সীমান্ততো বিয়পি পৰিছে। এই অশান্তিৰ বাবেই ভাৰত-নেপাল সীমান্তত এছ এছ বি বা সশস্ত্ৰ সীমান্ত বলে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। ফলত বাণিজ্যৰ পৰা আৰম্ভ কৰি নিৰাপত্তালৈকে একাধিক বিষয়ত ভাৰতৰ উদ্বেগ বাঢ়িছে। ইয়াৰ মাজতে চীনৰ উপস্থিতিৰ সম্ভাৱনাই ভাৰতৰ মূৰৰ কামোৰণিৰ এক প্ৰধান কাৰণ।

সীমান্তত কি পৰিস্থিতি?

নেপালৰ ৰাজনৈতিক অশান্তি যাতে সীমান্তৰ সিপাৰে ভাৰতলৈ বিয়পিব নোৱাৰে তাৰ বাবে সীমান্তত টহল বৃদ্ধি কৰিছে এছ এছ বিয়ে। এই পৰিস্থিতিয়ে দুয়োখন দেশৰ বাণিজ্যত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকল সমস্যাৰ সন্মুখীন হৈছে। বৰ্তমানৰ পৰিস্থিতিয়ে ২০১৫ চনৰ আন্দোলনৰ কথা মনত পেলাই দিয়ে, যেতিয়া সীমান্ত অৱৰোধৰ বাবে পেট্ৰলিয়ামৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল।