ভাৰতে নিৰ্মাণ কৰিব ৰাছিয়াৰ S-400ৰ থলুৱা সংস্কৰণ, কি এই ‘কুশ’ প্ৰকল্প?

| Edited By: Monjit Dutta

May 25, 2025 | 9:28 PM

ইকনমিক টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতে এতিয়া থলুৱা পদ্ধতিৰে S-400 নিৰ্মাণ কৰি আছে। প্ৰজেক্ট কুছাৰ অধীনত এই দায়িত্ব BEL বা ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডলৈ স্থানান্তৰ কৰা হৈছে। আগন্তুক ১২ৰ পৰা ১৮ মাহৰ ভিতৰত প্রথমতে এই অস্ত্র প্রস্তুত কৰা হ’ব৷ তাৰ পিছত ৩৬ মাহ ধৰি ইয়াৰ পৰীক্ষণ চলিব।

পাকিস্তানে ইতিমধ্যে দেখিলে সুদৰ্শন চক্ৰ বা এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমৰ শক্তি। ৩০০ৰ পৰা ৪০০ ড্ৰোনেৰে ভাৰতক আক্ৰমণ কৰি ভাৰতক পৰাস্ত কৰিব নোৱাৰিলে পাকিস্তানে। শেষত ভাৰতৰ ওচৰত আঁঠু ল’বলৈ বাধ্য হ’ল। সুদৰ্শন চক্ৰই এফালৰ পৰা ধ্বংস কৰিছে একাধিক চীনা ক্ষেপণাস্ত্ৰ আৰু তুৰ্কী ড্ৰোন। অৱশ্যে এই ‘সুদৰ্শন চক্ৰ’ ভাৰতীয় নহয়। যিটো কোটি কোটি টকা খৰচ কৰি ৰাছিয়াৰ পৰা আনিব লগা হৈছিল। এনে সময়তে থলুৱা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি এক নতুন সুদৰ্শন চক্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে নতুন দিল্লীয়ে।