Pakistan Drone Attack: পাকিস্তানৰ পৰা অহা ড্ৰোণ-বিমান ধৰা পেলোৱা ভাৰতৰ সীমান্ত পহৰী

May 20, 2025 | 2:47 PM

যুদ্ধ বিৰতিৰ পাছৰে পৰা ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধ উত্তেজনা হ্ৰাস পাইছে । স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে সামগ্ৰিক পৰিস্থিতি । কিন্তু এতিয়াও LoC ত সাম্ভাৱ্য যিকোনো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সক্ৰিয় কৰি ৰখা হৈছে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ।

যুদ্ধ বিৰতিৰ পাছৰে পৰা ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধ উত্তেজনা হ্ৰাস পাইছে । স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে সামগ্ৰিক পৰিস্থিতি । কিন্তু এতিয়াও LoC ত সাম্ভাৱ্য যিকোনো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সক্ৰিয় কৰি ৰখা হৈছে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ‘আকাশ’ । যাতে শত্ৰু পক্ষৰ ড্ৰোন বা বিমান সহজে ধৰা পেলাব পাৰে তাৰ বাবে সক্ৰিয় হৈ আছে ৰাডাৰ ব্যৱস্থা । সম্ভাৱ্য বিপদৰ আগজাননীৰ বাবে পাকিস্তান সীমান্তত ভাৰতে সক্ৰিয় কৰি ৰাখিছে এই ভাৰতীয় ৰাডাৰ ব্যৱস্থা । কোৱা হৈছে যে, এই ব্যৱস্থা জৰিয়তে দীৰ্ঘ দূৰত্বতে শত্ৰু পক্ষৰ ড্ৰোন বা যুদ্ধ বিমান ধৰা পেলাব পাৰে আৰু যাতে আকাশতে সেইবোৰক ধ্বংস বা বাধা দিব পাৰে । চাওঁক আহক LoC ৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন ।