এতিয়া আৰু নাহে Unknown নম্বৰৰ ফোনকল, নতুন ব্যৱস্থাই আনিব পৰিৱৰ্তন

Dec 05, 2025 | 10:26 PM

জানিব পৰা মতে টেলিকমিউনিকেচন বিভাগে দেশৰ টেলিকম অপাৰেটৰসমূহলৈ ইনকাম কল সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ সাজু হৈছে। ইয়াৰ আধাৰতে দেখা যাব এক নতুন ব্যৱস্থা। সবিশেষ জানিবলৈ চাওক ভিডিঅ’...

আপোনাৰ নম্বৰতো হয়তো প্ৰায়ে অচিনাকি নম্বৰৰ পৰা ফোনকল আহে। লগে লগে আপোনাৰ স্ক্ৰীণত আহে Unknown নম্বৰৰ জাননী। বহু সময়ত এয়া আপোনাৰ বাবে বিৰক্তিকৰ হৈ পৰিব পাৰ। পিছে আপোনাৰ এই বিৰক্তি এতিয়া দূৰ হোৱাৰ দিশে। অৰ্থাৎ এতিয়া আৰু নাথাকিব Unknown নম্বৰৰ সমস্যা। এতিয়া কোনো অচিনাকি নম্বৰৰ পৰা ফোনকল আহিলে আৰু পূৰ্বৰ দৰে Unknown নম্বৰ নেদেখুৱাব, লগে লগে আপোনাৰ স্ক্ৰীণত ওলাব ফোন কৰোঁতাজনৰ নাম।

হয়তো আৰু কেইমাহমানৰ পিছতে এই সুবিধা উপলব্ধ হ’ব। পিছে কিদৰে আপুনি এই সুবিধা লাভ কৰিব? জানিব পৰা মতে টেলিকমিউনিকেচন বিভাগে দেশৰ টেলিকম অপাৰেটৰসমূহলৈ ইনকাম কল সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ সাজু হৈছে। ইয়াৰ আধাৰতে দেখা যাব এক নতুন ব্যৱস্থা। সবিশেষ জানিবলৈ চাওক ভিডিঅ’…