Income Tax, Bank Transactions: একাউণ্টৰ জমা ধনে এই সীমা অতিক্ৰম কৰিলেই লাভ কৰিব আয়কৰৰ জাননী !

Nov 04, 2025 | 9:56 PM

চেভিংছ একাউণ্টৰ ওপৰতো আয়কৰ বিভাগে নজৰ ৰাখে । হঠাৎ অধিক টকা একাউণ্টত জমা কৰিলে ষ্টেটমেণ্ট অব ফাইনেনচিয়েল ট্ৰেনজেকচনৰ অধীনত জাননী লাভ কৰিব পাৰে।

আয়কৰ বিভাগে কেৱল লেনদেনৰ ওপৰতে নহয়, চকু ৰাখিছে সাধাৰণ মানুহৰ সঞ্চয় একাউণ্টৰ ওপৰতো। এই কথা স্পষ্ট কৰি দিছে এজন চাৰ্টাৰ্ড একাউণ্টেণ্টে। যদি আপুনি বেংক একাউণ্টত ১০ লাখতকৈ অধিক নগদ ধন জমা কৰে, তেন্তে আয়কৰৰ জাননী আহিব পাৰে আপোনাৰ ঘৰলৈ।

চাৰ্টাৰ্ড একাউণ্টেণ্ট ৰুচিতা বাঘানীয়ে এক্স হেণ্ডেলৰ এটা পোষ্টত লিখিছে যে, চেভিংছ একাউণ্টৰ ওপৰতো আয়কৰ বিভাগে নজৰ ৰাখে । হঠাৎ ১০ লাখ বা ​​তাতকৈ অধিক টকা একাউণ্টত জমা কৰিলে ষ্টেটমেণ্ট অব ফাইনেনচিয়েল ট্ৰেনজেকচনৰ অধীনত জাননী লাভ কৰিব পাৰে।