ICICI বেংক, ভোডাফোনক কঠোৰ শাস্তি! কিয় বিহিলে জৰিমনা?

Dec 11, 2025 | 10:29 PM

২০২৩ চনত অনলাইন প্ৰৱঞ্চনাৰ বলি হৈ ধন হেৰুৱাই আইচিআইচিআই বেংক আৰু ভোডাফোনৰ বিৰুদ্ধে আইনৰ কাষ চাপিছিল গুজৰাটস্থিত এই বাণিজ্যিক কোম্পানীটো। জানিব পৰা মতে ভিয়েটনামলৈ গৈছিল কোম্পানীটোৰ সঞ্চালক প্ৰকাশ মেহতা।

তথ্য প্ৰযুক্তি আইনৰ অধীনত কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে আইচিআইচিআই বেংক (ICICI Bank) আৰু ভোডাফোন-আইডিয়া (Vodafone-Idea)। জানিব পৰা মতে চাইবাৰ জালিয়াতিৰ জালত পৰি ১ কোটি ১৯ লাখ টকাৰ হেৰুৱাইছে গুজৰাটৰ আহমেদাবাদৰ এটা প্ৰতিষ্ঠানে। তদন্তত পোহৰলৈ আহিছে ছিম কাৰ্ড ক্ল’নিঙৰ বিষয়টো।  তাৰ পিছত লোৱা হৈছে এই পদক্ষেপ। ইয়াৰ বাবে ICICI বেংকক ১০ লাখ টকা আৰু  ভোডাফোন-আইডিয়াক ৫ লাখ টকাৰ জৰিমনা বিহা হৈছে। কিন্তু কেনেকৈ সংঘটিত হ’ল এই প্ৰৱঞ্চনা?