দিল্লী বিস্ফোৰণত দেৱদূতৰ ৰূপত দুই কনিষ্টবল! পোহৰলৈ আহিছে এই কাহিনী
দিল্লী আৰক্ষীত নিয়োজিত এই হেড কনিষ্টবল দুজনৰ নাম থান সিং আৰু অজয় কুমাৰ। যোৱা দেওবাৰে দুয়ো বিস্ফোৰণ স্থলীতে থকাৰ পিছতো ঘটনাক্ৰমে দুয়োৰে প্ৰাণ ৰক্ষা পৰে আৰু তাৰ পিছতে দুয়ো হৈ পৰে বহুলোকৰ বাবে দেৱদূত সদৃশ। জানো আহক এই সমগ্ৰ ঘটনা।
যোৱা ১০ নৱেম্বৰত দিল্লীৰ লাল কিল্লাৰ সমীপত সংঘটিত ভয়াৱহ বিস্ফোৰণত বহুকেইজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। এই ভয়ংকৰ বিস্ফোৰণত লালকিল্লা আৰক্ষী চকীৰ দুগৰাকী কনিষ্টবলৰ সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে। কেৱল প্ৰাণৰক্ষা পৰাই নহয়, ইয়াৰ পিছত তেওঁলোকে কৰা কৰ্মই প্ৰাণৰক্ষা কৰে বহুলোকৰ। এতিয়া পোহৰলৈ আহিছে এই আৰক্ষী কনিষ্টবল দুগৰাকীৰ সৌভাগ্য তথা সাহসিকতাৰ কাহিনী।