ৰে’লৰ ডবা নিৰ্মাণৰ নামত কিমান কোটি টকা খৰচ হয়?

| Jul 30, 2025 | 10:01 PM

বন্দে ভাৰতৰ ৰে’লৰ ডবা বনাবলৈ প্ৰায় ১ কোটি টকা খৰচ হয়। সেই ক্ষেত্ৰত সমগ্ৰ ৰে’লখনৰ খৰচ প্ৰায় ১১০ৰ পৰা ১২০ কোটি টকা। আচলতে খৰচ নিৰ্ভৰ কৰে কোচৰ ডিজাইন, ইয়াৰ সুবিধা আৰু নিৰ্মাণ প্ৰক্ৰিয়াৰ ওপৰত।

বিশ্বৰ ভিতৰতে ভাৰতত চতুৰ্থ বৃহত্তম ৰে’লৱে নেটৱৰ্ক আছে। দেশৰ বিভিন্ন পথত প্ৰতিদিনে প্ৰায় ১৮ হাজাৰ ৰে’ল চলাচল কৰে। যিয়ে প্ৰতিদিনে প্ৰায় ৪ কোটি যাত্ৰীক গন্তব্যস্থানলৈ অনা-নিয়া কৰে। ৰে’লত যাত্ৰী কঢ়িয়াই নিব পৰাকৈ ডবা নিৰ্মাণ হয়। ইয়াৰ ভিতৰত জেনেৰেল, শ্লীপাৰ আৰু এচি এই তিনিধৰণৰ কোচ বা ডবা থাকে। আপুনিও হয়তো বহুবাৰ ৰে’লযোগে ভ্ৰমণ কৰিছে।  কিন্তু কেতিয়াবা ভাবি চাইছেনে আপুনি যাত্ৰা কৰা সেই ৰে’লৰ ডবাটো নিৰ্মাণৰ নামত কিমান টকা খৰচ হয়। বহুতে নাজানে ৰে’লত ডবা বনাবলৈ কিমান খৰচ হয়?

ৰে’লত এচি ডবা এটাৰ খৰচ কিমান?

প্ৰায় সকলো লোকে জানে যে ৰে’লত যাত্ৰা কৰিবলৈ মুঠ তিনি প্ৰকাৰৰ ডবা ব্যৱহাৰ কৰা হয়। এই সকলোবোৰ কোচৰ দাম নিৰ্ভৰ কৰে সেইবোৰৰ ধৰণৰ ওপৰত। সাধাৰণভাৱে ক’বলৈ গ’লে ৰে’লত এচি ডবা বনাবলৈ প্ৰায় ২.৮ৰ পৰা ৩ কোটি টকা খৰচ হয়। শ্লীপাৰ কোচ বনাবলৈ ১.২৫ কোটি টকা খৰচ হয়।