দিল্লীত গণৰাজ্য দিৱসত নিৰাপত্তা দিব ১২৭০ কিলো কুকুৰা মঙহে! পিছে কিদৰে?

Jan 17, 2026 | 9:16 PM

এইবাৰ দিল্লীৰ আকাশ সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছে এক অদ্ভুত আৰু ৰহস্যময় কৌশল। কোনো অত্যাধুনিক যন্ত্ৰ নহয়, বৰঞ্চ ১২৭০ কিলোগ্ৰাম কুকুৰাৰ মাংসই নিশ্চিত কৰিব বায়ুসেনাৰ যুঁজাৰু বিমানৰ নিৰাপত্তা!

ৰাজধানী দিল্লীত গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত উঠিছে। ৫০ হাজাৰ সশস্ত্ৰ জোৱান আৰু ৬৫ টা অৰ্ধসামৰিক বাহিনীৰ কোম্পানীয়ে চহৰখনক দুৰ্ভেদ্য দুৰ্গত পৰিণত কৰিছে। কিন্তু এইবাৰ দিল্লীৰ আকাশ সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছে এক অদ্ভুত আৰু ৰহস্যময় কৌশল। কোনো অত্যাধুনিক যন্ত্ৰ নহয়, বৰঞ্চ ১২৭০ কিলোগ্ৰাম কুকুৰাৰ মাংসই নিশ্চিত কৰিব বায়ুসেনাৰ যুঁজাৰু বিমানৰ নিৰাপত্তা! শুনিবলৈ আচৰিত যেন লাগিলেও, ৰাফেল বা চুখয়ৰ দৰে শক্তিশালী বিমানৰ সৈতে আকাশত উৰি থকা চৰাইৰ সংঘৰ্ষ ৰোধ কৰিবলৈ এই বিশেষ পৰিকল্পনা কৰা হৈছে।

দিল্লীৰ ২০ টা অতি গোপনীয় আৰু নিৰ্দিষ্ট স্থানত ১৫ জানুৱাৰীৰ পৰাই নিশাৰ ভাগত এই মাংস ছটিয়াই থকা হৈছে, যাতে চৰাইবোৰ আকাশ এৰি খাদ্যৰ সন্ধানত মাটিলৈ নামি আহে। পূৰ্বতে মহৰ মাংস দিয়া হৈছিল যদিও এইবাৰ প্ৰথমবাৰৰ বাবে ‘বোনলেছ’ কুকুৰাৰ মাংসৰে চৰাইক আকৰ্ষিত কৰাৰ নতুন কৌশল হাতত লোৱা হৈছে। আকাশী পথ সুৰক্ষিত কৰাৰ এই অভিনৱ আৰু ৰহস্যময় পদ্ধতিয়ে এতিয়া সকলোৰে মাজত চৰ্চা লাভ কৰিছে।