SIP Tactics: ১০ হাজাৰ টকা বিনিয়োগ কৰি ১ কোটি পাবলৈ কিমান দিন লাগিব জানেনে?
বিনিয়োগত বহু সময় খৰচ কৰিবলগীয়া হয়। কিন্তু মাহে ১০ হাজাৰ টকা সঞ্চয় কৰি কোটিপতি হ’ব পাৰিবনে? এই অংকটো এনেধৰণৰ-
SIP বা চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন হৈছে এনে এটা বিনিয়োগ। ইয়াত শৃংখলাবদ্ধ আৰু ধৈৰ্যৰে বিনিয়োগ কৰিলে সময়ৰ লগে লগে বিশাল পৰিমাণৰ ধন জমা কৰা সম্ভৱ হয়। কিন্তু এই ক্ষেত্ৰত সুত বৃদ্ধিৰ কথা থাকে। গতিকে বিনিয়োগত বহু সময় খৰচ কৰিবলগীয়া হয়। কিন্তু মাহে ১০ হাজাৰ টকা সঞ্চয় কৰি কোটিপতি হ’ব পাৰিবনে? এই অংকটো এনেধৰণৰ-
ধৰক, আপুনি আপোনাৰ সকলো টকা বেংকৰ চেভিংছ একাউণ্টত জমা ৰাখিছে। কিয়নো আপুনি যদি ইয়াক আন ঠাইত জমা ৰাখে তেন্তে ই অতি ৰিস্কি হ’ব। গতিকে ৰিস্ক ল’ব নিবিচাৰি আপুনি চেভিংছ একাউণ্টৰ ওপৰত নিৰ্ভৰ কৰিছে। সেই অনুসৰি বেংকত আপুনি মাহিলী ১০ হাজাৰ টকাকৈ জমা ৰাখিলে ৪০ বছৰৰ পিছত এই টকা প্ৰায় ৯০ লাখ টকালৈ বৃদ্ধি পাব।
যদি আপুনি এটা ফিক্সড ডিপ’জিট একাউণ্ট খুলি তাত টকা জমা কৰিবলৈ আৰম্ভ কৰে। তেতিয়া ফিক্সড ডিপ’জিটৰ সুতৰ হাৰত ১ কোটি টকা জমা হ’বলৈ প্ৰায় ৩০ বছৰ লাগিব। এতিয়া আপুনি অলপ বেছি ৰিস্ক লৈ কোনো লাৰ্জ কেপ মিউচুৱেল ফাণ্ডত SIP কৰে। সেই পুঁজিৰ সুতৰ হাৰ ১২ শতাংশ হ’লে ১ কোটি টকা হ’বলৈ ২০ বছৰ লাগিব৷