History of budget: কেনেকৈ এটা চামৰাৰ বেগ হৈ পৰিল অৰ্থনীতিৰ অংশ ? জানি লাওক সবিশেষ

Feb 01, 2025 | 6:53 PM

বাজেট বা তাৰ সৈতে জড়িত শব্দবোৰৰ কোনোকালেই ৰাষ্ট্ৰীয় অৰ্থনীতিৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাছিল । বাজেট আছিল সাধাৰণভাৱে ব্যৱহৃত এটা চামৰাৰ সৰু বেগ । তেন্তে কেনেকৈ অৰ্থনীতিৰে জড়িত হৈ পৰিল বাজেট ?

বাজেটৰ বিষয়টো কম-বেছি পৰিমাণে আমি সকলোৱে বুজি পাওঁ । কিন্তু বাজেট শব্দটোৰ মানে কি জানেনে বাৰু ? ক’ৰ পৰা আহিল এই শব্দটো ? আচলতে ইয়াৰ আঁৰত এটা মজাৰ কাহিনী আছে । বাজেট শব্দটো আহিছে মিডল ইংলিছৰ (শেষৰ ফালে) ‘bowgette’ শব্দৰ পৰা । এই ‘bowgette’ শব্দটো আকৌ আহিছে প্ৰাচীন ফৰাচী শব্দ ‘bougette’ ৰ পৰা, যাৰ অৰ্থ হ’ল ‘সৰু চামৰাৰ বেগ’ । যদি আমি শিপাৰ আৰু গভীৰতালৈ যাওঁ, লৌহ যুগৰ Gaulish শব্দ (যি আচলতে লেটিন) ‘bulga’ হৈছে এই শিপাৰ একেবাৰে গুৰি, যাৰ অৰ্থও চামৰাৰ বেগ বা Knapsack । অৰ্থাৎ যুদ্ধৰ সময়ত যোদ্ধাসকলে ব্যৱহাৰ কৰা এটা মোনা । অষ্টাদশ শতিকাত ইউনাইডেট কিংদমৰ মুখ্য বিত্তমন্ত্ৰীয়ে (Chancellor of the Exchequer) দেশৰ বাৰ্ষিক অৰ্থনৈতিক বিৱৰণৰ দাখিল কৰাৰ সময়ত এটা বাক্য উচ্চাৰণ কৰিলে, “To open the budget…” অৰ্থাৎ চামৰাৰ বেগ খুলি…, সেই তেতিয়াৰ পৰাই বাজেট অৰ্থনীতিৰ বিষয়ত সোমাই পৰিল । এই পৰম্পৰা এতিয়াও চলি আছে ।