‘আমি পৰৱৰ্তী সময়ত চীফ জাষ্টিচক এখন ফাষ্টট্ৰেক কোৰ্ট গঠনৰ আহ্বান কৰিম’- মুখ্যমন্ত্ৰী

Dec 12, 2025 | 8:38 PM

এই গোচৰৰ বাবে এছ আই টিয়ে প্ৰায় ৩০০ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল। চি আই ডিত ৰুজু হোৱা ১৯/২০২৫ নম্বৰ গোচৰৰ তদন্ত এতিয়াও চলি আছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, 'আমি পৰৱৰ্তী সময়ত চীফ জাষ্টিচক এখন ফাষ্টট্ৰেক কোৰ্ট গঠনৰ আহ্বান কৰিম'।

অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলে শুকুৰবাৰে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত এই গোচৰৰ অভিযোগনামা দাখিল কৰে। কোৱা হৈছে যে, প্ৰমাণ, সাক্ষ্যৰ সৈতে ৩৫০০ পৃষ্ঠাৰ ওপৰৰ অভিযোগনামাখন চাৰিটা ট্ৰাংকত আদালতলৈ অনা হৈছিল।

উল্লেখ্য যে, ১৮/২০২৫ নং গোচৰৰ তদন্তৰ চাৰ্জশ্বীট দাখিল কৰে এছ আই টিয়ে। আদালতত দাখিল কৰা চাৰ্জশ্বীটত আছে প্ৰায় ৭,০০০ পৃষ্ঠা, য’ত সংলগ্ন প্ৰায় ৩,৫০০ পৃষ্ঠাৰ নথি-পত্ৰ। এই গোচৰৰ বাবে এছ আই টিয়ে প্ৰায় ৩০০ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল। চি আই ডিত ৰুজু হোৱা ১৯/২০২৫ নম্বৰ গোচৰৰ তদন্ত এতিয়াও চলি আছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘আমি পৰৱৰ্তী সময়ত চীফ জাষ্টিচক এখন ফাষ্টট্ৰেক কোৰ্ট গঠনৰ আহ্বান কৰিম’। সবিশেষ জানিবলৈ ভিডিঅ’ চাওক…