বশিষ্ঠ চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত

Nov 28, 2025 | 11:36 AM

Guwahati Fire: আজি পুৱা গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ইয়াৰ ফলত প্ৰায় ২০ লাখ টকাৰ সা-সামগ্ৰী জুইত জাহ যায়। এই ঘটনাই অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।

শুকুৰবাৰে পুৱা বশিষ্ঠ চাৰিআলিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। শৰ্মা কচমেটিক নামৰ বিপনীখৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।জানিব পৰা মতে, শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। জুই লগাৰ লগে লগে মুহূৰ্ততে জুই চাৰিওফালে বিয়পি পৰে। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত প্ৰায় ২০ লাখ টকাৰ সা-সামগ্ৰী জুইত জাহ যায়।

লগে লগে ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। এই ঘটনাৰ ফলত কোনো লোকৰ ক্ষতি হোৱা নাই। ইয়াৰোপৰি অগ্নিনিৰ্বাপক বাহিনীয় জুই অন্য ঠাইলৈ বিয়পি পৰাৰ আগতে নুমুৱাবলৈ সক্ষম হয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…