Nirmala Sitaraman on Tax: কৰ ৰেহাইৰ সময়সীমা আৰু ৫ বছৰলৈ বৃদ্ধি !

Jul 14, 2025 | 7:31 PM

কেন্দ্ৰই SWF আৰু পেঞ্চন ফাণ্ডৰ ওপৰত কৰ ৰেহাইৰ সময়সীমা ২০৩০ চনৰ ৩১ মাৰ্চলৈকে বৃদ্ধি কৰিছে। অৰ্থাৎ আৰু ৫ বছৰৰ বাবে সময়সীমা বৃদ্ধি কৰিছে কেন্দ্ৰই।

কৰ ৰেহাইৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। চলিত বিত্তীয় বৰ্ষত আয়কৰ ৰেহাইৰ পৰিমাণ বৃদ্ধি কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে । বৰ্তমান ১২ লাখ ৭৫ হাজাৰ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনো কৰ আদায় দিব নালাগে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰই। আৰু এতিয়া কেন্দ্ৰই SWF আৰু পেঞ্চন ফাণ্ডৰ ওপৰত কৰ ৰেহাইৰ সময়সীমা ২০৩০ চনৰ ৩১ মাৰ্চলৈকে বৃদ্ধি কৰিছে। অৰ্থাৎ আৰু ৫ বছৰৰ বাবে সময়সীমা বৃদ্ধি কৰিছে কেন্দ্ৰই।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, ভাৰতৰ ৰাজহ বিভাগে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে। আৰু এই অধিসূচনাই যোৱা বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ঘোষণাক এক ব্যৱহাৰিক ৰূপ দিছে। এই কৰ ৰেহাই আচলতে SWF বা পেঞ্চন পুঁজিৰ পৰা আয়, লভ্যাংশ বা দীৰ্ঘম্যাদী মূলধনী লাভৰ ওপৰত কৰ পৰিশোধ কৰাৰ পৰা সকাহ দিয়া।