Gold Price Today:প্ৰায় ১০,০০০টকালৈ হ্ৰাস পালে সোণৰ মূল্য, জানক আজিৰ দাম…

Oct 23, 2025 | 8:54 PM

Gold Price Assam: দেৱালীৰ পাছত হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে এয়া আপোনাৰ বাবে ডাঙৰ সুযোগ হ'ব পাৰে।

সোণৰ দাম আকাশলংঘী হ’লেও ধনতেৰাচ আৰু দীপাৱলীত সোণ-ৰূপৰ বহু পৰিমাণে বিক্ৰী হৈছে। সেই সময়ত বহু বিশেষজ্ঞই ভৱিষ্যদ্বাণী কৰিছিল যে ধনতেৰাচৰ পিছত সোণৰ দাম যথেষ্ঠ পৰিমাণে কমি যাব। এতিয়া কব পাৰি যে সেই ভৱিষ্যদ্বাণী শুদ্ধ আছিল। কিয়নো দীপাৱলীৰ পিছত সোণৰ মূল্য ব্যাপকভাৱে হ্ৰাস পাইছে। যদি আপুনি সোণ বা ৰূপ কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এয়া আপোনাৰ বাবে সোণালী সুযোগ হ’ব পাৰে।

আজি ২৩ অক্টোবৰত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৫০৮ টকা।  ১০ গ্ৰাম সোণৰ মূল্য ১,২৫,০৮০ টকা। আজি ১০০ গ্ৰাম সোণৰ মূল্য ১২,৫০,৮০০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১২,৫৮,৯০০ টকা।

২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৪৬৫ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,১৪,৬৫০ টকা। আজি ১০০ গ্ৰাম সোণৰ মূল্য ১১,৪৬,৫০০ টকা, আনহাতে কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১১,৫৪,০০০ টকা।

১৮ কেৰেট সোণৰ দাম ১ গ্ৰামত ৯,৩৮১ টকা। ১০ গ্ৰামৰ মূল্য ৯৩,৮১০ টকা। আজি ১০০ গ্ৰাম সোণৰ মূল্য ৯,৩৮,১০০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ৯,৪৪,২০০ টকা।

সোণৰ সমান্তৰালকৈ আজি ৰূপৰ মূল্যও হ্ৰাস পাইছে। ১ গ্ৰাম ৰূপৰ ১৫৯ টকা। ১০০ গ্ৰাম ৰূপৰ মূল্য ১৫,৯০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৬,০০০ টকা।