Gold Price Hike: ১ নৱেম্বৰত সোণৰ মূল্যত ডাঙৰ পৰিৱৰ্তন, দাম বাঢ়িল নে কমিল ?

Nov 02, 2025 | 11:49 PM

পুনৰ লাহে লাহে সোণৰ দাম বৃদ্ধি পাইছে। আজিৰ দিনটোত সোণৰ -ৰূপৰ মূল্যত বিশেষ পৰিৱৰ্তন দেখা নাই যদিও ১ নৱেম্বৰৰ দিনটোত সোণৰ দাম বৃদ্ধি পোৱা দেখা গ’ল।

নৱেম্বৰ মাহৰ প্ৰথম দিনাই পুনৰ বৃদ্ধি পালে সোণৰ দাম। দেখা গৈছিল যে, অক্টোবৰৰ শেষৰ ফালে সোণৰ মূল্য হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। কিন্তু পুনৰ লাহে লাহে সোণৰ দাম বৃদ্ধি পাইছে। আজিৰ দিনটোত সোণৰ -ৰূপৰ মূল্যত বিশেষ পৰিৱৰ্তন দেখা নাই যদিও ১ নৱেম্বৰৰ দিনটোত সোণৰ দাম বৃদ্ধি পোৱা দেখা গ’ল।

অৱশ্যে ৰূপৰ দাম অলপ হ্ৰাস পোৱা দেখা যায়। আঘোণ মাহৰ পৰা বিয়াৰ বতৰ আৰম্ভ হ’ব। ইয়াৰ আগতে যদি পুনৰ সোণৰ দাম বাঢ়ি যায়, তেন্তে চিন্তিত হ’ব মধ্যবিত্ত শ্ৰেণীৰ লোকসকল। ১ নৱেম্বৰৰ দিনটোত সোণৰ মূল্য কিমান আছিল ?