Gold Price: প্ৰতিদিনে বৃদ্ধি পাইছে সোণ-ৰূপৰ মূল্য, জানক আজিৰ দাম…

Jan 27, 2026 | 5:03 PM

Gold Price Today: প্ৰতিদিনে সোণ-ৰূপৰ মূল্য বৃদ্ধি পাইছে। নতুন বছৰৰ পাছতেই সোণ-ৰূপৰ মূল্যই আকাশ চুইছে। আজিৰ দিনটোত গুৱাহাটীত সোণ ৰূপৰ মূল্য কিমান? প্ৰতিগ্ৰাম কিমানত বিক্ৰী হৈছে?

হোৰাহোৰে বৃদ্ধি পাইছে সোণৰ দাম। বিগত সময়চোৱাত প্ৰায় প্ৰতিদিনে সোণ-ৰূপৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। সোণে প্ৰতিদিনে নতুন নতুন অভিলেখ গঢ়িছে। আজি সোণৰ দামত বিশেষ পৰিবৰ্তন দেখা নাই যদিও কালিৰ দিনটোত দাম বহু পৰিমাণে বৃদ্ধি পাইছিল। এদিনতে প্ৰায় ২৫,০০০ টকা বৃদ্ধি পাইছে সোণৰ দাম। পিছ পৰি ৰোৱা নাই ৰূপো। সোণৰ লগতে ৰূপেও গঢ়িলে ন ন অভিলেখ।

আজি ২৭ জানুৱাৰীত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৬,১৯৫ টকা। ১০ গ্ৰামৰ মূল্য ১,৬১,৯৫০ টকা। ১০০ গ্ৰামৰ দাম  ১৬,১৯,৫০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ একেই আছিল। আজি দামৰ বিশেষ কোনো পৰিবৰ্তন হোৱা নাই। প্ৰতি কেৰেট সোণৰ মূল্য বেলেগ বেলেগ।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…