সোণ ক্ৰয় কৰাৰ সময়ত নকৰিব এই ভুল! হ’ব লোকচান…
Gold Investment: আজিকালি প্ৰায়ভাগ মানুহে সোণত বিনিয়োগ কৰা দেখা যায়। কিন্তু এই সময়ত কিছুমান দিশৰ ওপৰত গুৰুত্ব দিব লাগে। অন্যথা লোকচান হোৱাৰ সম্ভাৱনা থাকে।
কোনে নিবিচাৰে সোণৰ আ-অলংকাৰ! কিন্তু শেহতীয়াকৈ বৃদ্ধি পাইছে সোণৰ দাম। গতিকে এই সময়খিনি সোণত বিনিয়োগ কৰাৰ বাবে ভাল সময় বুলিব পাৰি। আগৰ পৰাই মানুহে সোণত বিনিয়োগ কৰি আহিছে। ইয়াৰ বাবে কিছুমান সোণৰ আ-অলংকাৰ ক্ৰয় কৰে। কিন্তু এইবোৰ চুৰি হোৱাৰ সম্ভাৱনা আছে।
কিন্তু এই ভয় দূৰ কৰিবলৈ আপুনি ডিজিটেলী সোণত বিনিয়োগ কৰিব পাৰে। সোণৰ গহনাতকৈ সোণৰ ইটিএফ বা সোণৰ মুদ্ৰা বেছি ভাল। কিয়নো ইয়াত ভাল দাম পোৱা যায়। আজিকালি ডিজিটেল প্লেটফৰ্মত সোণ ক্ৰয় বা বিক্ৰী কৰা অতি সহজ। ইয়াত সোণৰ বিশুদ্ধতাৰ ওপৰতো প্ৰশ্ন নাথাকে। অৱশ্যে যিকোনো ক্ষেত্ৰত বিনিয়োগ কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল। অন্যথা লাভতকৈ লোকচান হোৱাৰ সম্ভাৱনা থাকে।
