এক্সত উন্মোচিত হৈছে মুখাৰ আঁৰৰ মুখ! পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
এনে ভুৱা প্ৰফাইলক লৈ বিজেপিয়ে এতিয়া বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। বিজেপিৰ এনে অভিযোগে আনকি দেশৰ নিৰাপত্তাক লৈও শংকাৰ সৃষ্টি কৰিছে। বিজেপিৰ অভিযোগ অনুসৰি এনে বহু একাউণ্ট ভাৰতীয়ৰ দৰে নাম, পৰিচয় আৰু উপাধি ব্যৱহাৰ কৰি চলাই থকা হৈছে।
বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি ধনকুবেৰ ইলন মাস্কৰ ‘এক্স’ৰ এক নতুন ফিচাৰে এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। চ’ছিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ এই নতুন ফিচাৰৰ সহায়ত এতিয়া প্লেটফৰ্মটোৰ একাউণ্টসমূহৰ অৱস্থান, একাউণ্টটো কেতিয়া ব্যৱহাৰ কৰা হৈছে, ব্যৱহাৰকাৰীসকলে কিমানবাৰ নাম সলনি কৰিছে তথা একাউণ্ট কি ডিভাইচৰ পৰা চলোৱা হৈছে- এই সকলো তথ্য প্ৰত্যক্ষ কৰাটো সম্ভৱপৰ হৈ পৰিছে। এক্সৰ এই নতুন ফিচাৰৰ ফলত এতিয়া বিশ্বজুৰি অলেখ ‘ভুৱা’ প্ৰফাইল উন্মোচিত হৈছে।
পিছে এনে ভুৱা প্ৰফাইলক লৈ বিজেপিয়ে এতিয়া বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। বিজেপিৰ এনে অভিযোগে আনকি দেশৰ নিৰাপত্তাক লৈও শংকাৰ সৃষ্টি কৰিছে। বিজেপিৰ অভিযোগ অনুসৰি এনে বহু একাউণ্ট ভাৰতীয়ৰ দৰে নাম, পৰিচয় আৰু উপাধি ব্যৱহাৰ কৰি চলাই থকা হৈছে। কিন্তু এই একাউণ্টসমূহ পাকিস্তান, বাংলাদেশ আনকি তুৰস্কৰ দৰে দেশৰ পৰাও পৰিচালিত হৈছে।
