জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট দাখিল, চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ

Dec 12, 2025 | 8:30 PM

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিলে এছ আই টিয়ে। চাৰিজনক হত্যাৰ গোচৰত অভিযুক্ত। ইফালে অৰুণাচলত অব্যাহত আছে দুৰ্ঘটনাত পতিত ২১ জন শ্ৰমিকৰ উদ্ধাৰ অভিযান। চাওক দিনটোৰ শীৰ্ষ খবৰসমূহ-

দাখিল কৰা হ’ল জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বীট। এই গোচৰৰ তদন্তৰ বাবে চৰকাৰী গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে আজি আদালতত দাখিল কৰে ৩৫০০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট। ১৮/২০২৫ নং গোচৰটোৰ তদন্তৰ চাৰ্জশ্বীটত আছে প্ৰায় ৭,০০০ পৃষ্ঠা, য’ত সংলগ্ন প্ৰায় ৩,৫০০ পৃষ্ঠাৰ নথি-পত্ৰ।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীটত হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা ত হত্যাকাৰী হিচাপে অভিযুক্ত কৰা হৈছে চাৰিওগৰাকীক। সান্দীপন গাৰ্গৰ বিৰুদ্ধে অনিচ্ছাকৃতভাৱে হত্যাৰ অভিযোগৰ বিপৰীতে দুই PSO ৰ বিৰুদ্ধে অপৰাধমূলক আস্থা ভংগৰ অভিযোগ তোলা হৈছে।

অৰুণাচলত শোকাৱহ দুৰ্ঘটনাত পতিত হোৱা অসমৰ তিনিচুকীয়া জিলাৰ শ্ৰমিকৰ দলটোৰ উদ্ধাৰ অভিযান আজিও অব্যাহত আছে। ঘটনাস্থলীত আজি উপস্থিত হয় মন্ত্ৰী বিমল বড়া। ইফালে অসম চৰকাৰে মৃত শ্ৰমিকৰ পৰিয়াললৈ পাঁচ লাখকৈ টকাৰ এককালীন সাহায্য আগবঢ়াব বুলি কোকৰাঝাৰত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ২১ জনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাইছে এই দুৰ্ঘটনাত।

চাওক দিনটোৰ শীৰ্ষ ৯ টা খবৰ