Assam News: কেবিনেটৰ সিদ্ধান্তৰ পৰা আই পি এললৈ দিনটোৰ শীৰ্ষ খবৰ

May 21, 2025 | 11:41 PM

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ পৰা অসমত কনচাৰ্ট অনুষ্ঠিত কৰালৈকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে। নগাঁৱৰ কামপুৰত লোমহৰ্ষক ঘটনা। বিবাহ বৰ্হিভূত সম্পৰ্কৰ বাবেই পত্নী আৰু প্ৰেমিকক হত্যা এজন লোকৰ। পলকতে চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

বুধবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক । চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ পৰা অসমত কনচাৰ্ট অনুষ্ঠিত কৰালৈকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে । চাহ শ্ৰমিকৰ মজুৰি ২৫০ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে । নগাঁৱৰ কামপুৰত লোমহৰ্ষক ঘটনা । বিবাহ বৰ্হিভূত সম্পৰ্কৰ বাবেই পত্নী আৰু প্ৰেমিকক হত্যা এজন লোকৰ । জয়কান্ত দাস নামৰ লোকজনে পত্নীৰ সৈতে প্ৰেমিকক একেলগে উদ্ধাৰ কৰাৰ পাছতেই ৰডেৰে মৰিয়াই হত্যা কৰে ।শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব অন লাইন ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খোৱা চুমি বৰা । ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰত জামিন লাভ চুমিৰ । ইতিমধ্যে চুমিৰ সৈতে জেললৈ যোৱা স্বামী তাৰ্কিক বৰা আৰু পাতি লোৱা ভায়েক বিশাল ফুকনে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিছে । চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।