Assam News: ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনাৰ পৰা ভাৰত-ইউৰোপীয় সংঘৰ চুক্তিলৈ দিনটোৰ শীৰ্ষ খবৰ

Jan 27, 2026 | 11:48 PM

পশ্চিম কাৰ্বি আলংঙৰ জিৰিকিণ্ডিঙৰ হিজোং লাংছ'ত বন্যহস্তীৰ তাণ্ডৱ। হাতীৰ গছকত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। নিহত মহিলাগৰাকীৰ নাম কাচাং ক্ৰ'পি। বনৰীয়া হাতীৰ বিচৰণক লৈ আতংকিত অঞ্চল বাসী। খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গত হিজোং-লাংছত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা।

১. ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সন্মানৰ প্ৰতীক পাটকা পৰিধান নকৰাক লৈ সমালোচনা ডঃ শৰ্মাৰ। অৱশ্যে মুখ্যমন্ত্ৰীৰ এই দাবীক খাৰিজ কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই।

২. বৰপেটাৰ ৰহমপুৰত অঘটন। ব্ৰহ্মপুত্ৰ নদীত নাও ডুবি সন্ধানহীন কমেও ৬ গৰাকী যাত্ৰী। প্ৰায় ৩২ গৰাকী যাত্ৰী লৈ যাত্ৰা কৰিছিল নাওখনে। কিন্তু নদীৰ বুকুত নাওখন ডুব যোৱাত ৭ গৰাকী যাত্ৰী সন্ধানহীন হৈ পৰে। নিখোঁজ যাত্ৰীৰ সন্ধানত অব্যাহত অভিযান।

৩. পশ্চিম কাৰ্বি আলংঙৰ জিৰিকিণ্ডিঙৰ হিজোং লাংছ’ত বন্যহস্তীৰ তাণ্ডৱ। হাতীৰ গছকত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। নিহত মহিলাগৰাকীৰ নাম কাচাং ক্ৰ’পি। বনৰীয়া হাতীৰ বিচৰণক লৈ আতংকিত অঞ্চল বাসী। খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গত হিজোং-লাংছত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা।

৪. বোকাজানত পথ দুৰ্ঘটনাত নিহত স্কুটী আৰোহী। ৰাজ পেলেচ হোটেলৰ সমীপত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। বোকাজানৰ দিশে গৈ থকা এখন ক্ৰেনক অতিক্ৰম কৰিবলৈ লওঁতেই দুৰ্ঘটনাত পতিত হয় স্কুটী আৰোহীজন। নিহত ব্যক্তিগৰাকীৰ নাম বিপুল খাৰিয়া।

৫. বৰ্তমান অসমত কোনো বিৰোধী নাই। বৰপেটাৰ সৰ্থেবাৰীত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অভূতপূৰ্ব উন্নয়নমূলক কাম সাধন হোৱা বুলি কয় সোণোৱালে। অসমত বিজেপি চৰকাৰ থকাটো ৰাইজে মনে-প্ৰাণে বিচাৰে বুলিও কয় মন্ত্ৰীগৰাকীয়ে।