কোকৰাঝাৰ বিস্ফোৰণৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট মেচলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ আজি দ্বিতীয়খন মেচ অনুষ্ঠিত হয়। শৃংখলাৰ এই দ্বিতীয়খন এদিনীয়াত ঘৰুৱা দল অষ্ট্ৰেলিয়াই ২ উইকেটত জয়লাভ কৰে।
কোকৰাঝাৰত যোৱা নিশা সংঘটিত হয় এক বিস্ফোৰণৰ ঘটনা। যোৱা নিশা কোকৰাঝাৰ ষ্টেচনৰ পৰা কিছু দূৰৈত ৰে’লপথত এক আই ই ডি বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণৰ ফলত ৰে’লপথছোৱাৰ বিস্তৰ ক্ষতিসাধন হয়। ঘটনাৰ পিছত অৱশ্যে কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে ৰে’লপথৰ মেৰামতি কৰে আৰু ৰে’ল চলাচলৰ সুবিধা কৰি দিয়া হয়। এই চাঞ্চল্যকৰ বিস্ফোৰণ কাণ্ড সন্দৰ্ভত এজনক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই বিস্ফোৰণৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ আজি দ্বিতীয়খন মেচ অনুষ্ঠিত হয়। শৃংখলাৰ এই দ্বিতীয়খন এদিনীয়াত ঘৰুৱা দল অষ্ট্ৰেলিয়াই ২ উইকেটত জয়লাভ কৰে। মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে ৰোহিত শৰ্মা আৰু শ্ৰেয়স আয়াৰৰ অৰ্ধশতকৰ সহায়ত ২৬৪ ৰাণ সংগ্ৰহ কৰিছিল। জয়ৰ বাবে ২৬৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াই মেথিউ শ্বৰ্ট আৰু কোপাৰ কনলীৰ অৰ্ধশতকৰ সহায়ত জয়লাভ কৰে আৰু শৃংখলা দখল কৰে।
