দুৰ্গা পূজাৰ এছঅ’পিৰ পৰা লীনা দলেৰ বদলিলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

Sep 18, 2025 | 11:13 PM

দুৰ্গোৎসৱৰ প্ৰাক ক্ষণত পূজা সমিতিসমূহলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে কামৰূপ জিলা প্ৰশাসনে। এনে নিৰ্দেশনা অনুসৰি ৰাজহুৱা স্থানত পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষী প্ৰশাসনৰ পৰা অনুমতিৰ প্ৰয়োজন হ’ব।

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। দুৰ্গোৎসৱৰ প্ৰাক ক্ষণত পূজা সমিতিসমূহলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে কামৰূপ জিলা প্ৰশাসনে। এনে নিৰ্দেশনা অনুসৰি ৰাজহুৱা স্থানত পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষী প্ৰশাসনৰ পৰা অনুমতিৰ প্ৰয়োজন হ’ব। সমান্তৰালকৈ পূজা সমিতিসমূহে দুৰ্ঘটনা প্ৰতিৰোধ, শব্দ ব্যৱস্থা, বৈদ্যুতিক সংযোগ আদিৰ বাবে আগতীয়াকৈ ফিটনেছ প্ৰমাণ পত্ৰ ল’ব লাগিব। প্ৰশাসনে লগতে পূজা মণ্ডপত অগ্নিনিৰ্বাপক সঁ‌জুলিৰ ব্যৱস্থা থাকিব লাগিব বুলিও নিৰ্দেশনা দিছে।

বিগত ১০ ছেপ্তেম্বৰত ধুবুৰীৰ গোলকগঞ্জত আক্ৰাছুৰ এক প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চালনা কৰিছিল আৰক্ষীয়ে। এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গোলকগঞ্জৰ এই ঘটনাৰ ফলশ্ৰুতিত ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক শাস্তিমূলক বদলি কৰা হৈছে। উল্লেখে যে এই ঘটনাত প্ৰায় ৭০ গৰাকী লোক আহত হৈছিল। ঘটনাৰ পাছতেই সৃষ্টি হোৱা প্ৰতিবাদৰ পিছত চৰকাৰে দুজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল।